মৰাণ, 19 ডিচেম্বৰ : ডিব্ৰুগড় জিলাৰ লাহোৱালত এগৰাকী আৰক্ষী বিষয়াৰ ফটো ব্যৱহাৰ কৰি ভুৱা ফেচবুক একাউণ্ট খোলাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত ৷ ইতিমধ্যে এই ঘটনা পোহৰলৈ অহাৰ লগে লগে এজাহাৰ দাখিল কৰিছে খুদ আৰক্ষী বিষয়াগৰাকীয়ে ৷
ডিব্ৰুগড় জিলাৰ লাহোৱাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋষিকেশ হাজৰিকাৰ ফটো ব্যৱহাৰ কৰি ‘চাদ্দাম আহমেদ’ৰ নামেৰে ভুৱা ফেচবুক একাউণ্ট খুলিছে কোনো দুষ্ট চক্ৰই।
![আৰক্ষী বিষয়াৰ নামত ভুৱা ফেচবুক একাউণ্ট](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-801to806-fakeaccountcreatedonuseofthepoliceofficerphoto-as10031_19122020064615_1912f_1608340575_1004.jpg)
ঋষিকেশ হাজৰিকাৰ ফটো ব্যৱহাৰ কৰি ‘চাদ্দাম আহমেদ’ নামৰ ছদ্মনামত ফেচবুক একাউণ্ট খোলাত আৰক্ষী মহলত চাঞ্চল্যৰ সৃষ্টি হৈছে। এজন আৰক্ষী বিষয়াৰ নামত ফেক একাউণ্ট খুলিবলৈ ভয় নকৰা ভুৱা একাউণ্ট খোলা চক্ৰটোৱে যিকোনো মানুহৰ নামত ফেচবুক একাউণ্ট খুলি অনৈতিক কাণ্ড সংঘটিত কৰিব পাৰে। ইতিমধ্যে আৰক্ষী বিষয়া ঋষিকেশ হাজৰিকাই লাহোৱাল আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰি ভুৱা একাউণ্ট খোলা চক্ৰৰ বিৰুদ্ধে আৰম্ভ কৰিছে তদন্ত ৷
লগতে পঢ়ক: দিল্লীৰ হিংসাত্মক ঘটনাৰ অভিযুক্তক জামিনত মুক্তি দিলে আদালতে