ETV Bharat / state

Cyber Crime: অসম জলপৰিবহন অভিকৰণৰ অধ্যক্ষৰ নামত ভুৱা ফেচবুক একাউণ্ট খুলি প্ৰৱঞ্চনা দুষ্টচক্ৰৰ - fake facebook account

দুষ্ট চক্ৰৰ টাৰ্গেট এইবাৰ চৰকাৰী বিষয়া ৷ অসম জলপৰিবহন অভিকৰণৰ অধ্যক্ষ বিবেকানন্দ ফুকনৰ নামত ভুৱা ফেচবুক একাউণ্ট খুলি দুষ্টচক্ৰৰ প্ৰৱঞ্চনাৰ চেষ্ট ৷ দুষ্ট চক্ৰই বিষয়াগাৰীকৰ নাম আৰু ফটো ব্যৱহাৰেৰে ভূৱা একাউন্টাৰৰ পৰা আৰ্থিক সহায় বিচাৰে ৷

Cyber Crime
অসম জলপৰিবহন অভিকৰণৰ অধ্যক্ষৰ নামত ভুৱা ফেচবুক একাউণ্ট খুলি প্ৰৱঞ্চনা দুষ্টচক্ৰৰ
author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 5:17 PM IST

অসম জলপৰিবহন অভিকৰণৰ অধ্যক্ষৰ নামত ভুৱা ফেচবুক একাউণ্ট খুলি প্ৰৱঞ্চনা দুষ্টচক্ৰৰ

ডিব্ৰুগড়, 28 আগষ্ট : সাৱধান ! বিশেষকৈ সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকল ৷ কিয়নো আপোনাৰ নামত একাংশ দুষ্ট চক্ৰই ভূৱা একাউন্ট খুলি বিভিন্নজনৰ পৰা ধন বিচাৰিব পাৰে ৷ যিমানেই আজিৰ যুগ ডিজিটেলাইজ হৈছে সিমানেই এনেবোৰ ঘটনা পোহৰলৈ আহিছে ৷ এইবাৰ দুষ্ট চক্ৰৰ টাৰ্গেট অসম আন এজন চৰকাৰী বিষয়া ৷ এইবাৰ অসম জলপৰিবহন অভিকৰণৰ অধ্যক্ষ বিবেকানন্দ ফুকনৰ নামত ভুৱা ফেচবুক একাউণ্ট খুলি দুষ্টচক্ৰৰ প্ৰৱঞ্চনাৰ চেষ্টা ৷ অসম জলপৰিবহণ অভিকৰণৰ অধ্যক্ষ বিবেকানন্দ ফুকনৰ নাম আৰু ফটো ব্যৱহাৰ কৰি দুষ্ট চক্ৰই ভুৱা ফেচবুক একাউণ্ট খুলি বহুজনৰ সৈতে বিত্তীয় লেনদেন কৰিবলৈ বিচাৰিছে।

এই সন্দৰ্ভত ইতিমধ্যে চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাত এজন ব্যক্তিয়ে এজাহাৰ দাখিল কৰিছে ৷ মৰাণৰো বিভিন্ন লোকৰ সৈতে এই ঘটনা সংঘটিত হৈছে ৷ বিষয়াজনৰ ভুৱা ফেচবুক একাউণ্টৰ পৰা অহা ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰাৰ পাচতেই ফোন নম্বৰ বিচাৰে ৷ কোনো সেনা বিষয়াৰ সামগ্ৰী বিক্ৰী কৰা হ’ব আৰু সেনা বিষয়াজনৰ সৈতে বাৰ্তালাপ কৰাব বিচাৰে ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্টকাৰীসকলক ৷ ঘটনা সন্দৰ্ভত বিবেকানন্দ ফুকনে জানিব পাৰি ইতিমধ্যে আৰক্ষীৰ চাইবাৰ ক্ৰাইম বিভাগত অভিযোগ দাখিল কৰিছে ৷ তদুপৰি শুভাকাংক্ষী বা সাধাৰণ ৰাইজক সাৱধান হ'বলৈ অনুৰোধ জনাই বিবেকানন্দ ফুকনে ৷

তেওঁ কয় যে, মোৰ ফটো আৰু নামেৰে ভূৱা ফেচবুক একাউন্ট খুলি বিভিন্নজনক প্ৰদান কৰে বিভিন্নধৰণৰ মেছেজ ৷ বিশেষকৈ সামগ্ৰী বিক্ৰী আৰু আৰ্থিক সহায়ৰ বাবে মেছেজ প্ৰদান কৰে মোৰ চিনাকী ব্যক্তিসকলক ৷ কিন্তু মই এই সন্দৰ্ভত অৱগত নহয় ৷ মই কোনো সামগ্ৰী বিক্ৰী কৰিব বিচৰা নাই ৷ মই কাৰো পৰা আৰ্থিক সহায় বিচৰা নাই ৷ সেয়ে মোৰ বন্ধুবৰ্গ, আত্মীয় সকলোৱে এনে ধৰণৰ মেছেজ পালে গুৰুত্ব দিব নালাগে ৷ এই দৰে অনুৰোধ ভুক্তভোগী চৰকাৰী বিষয়াজনৰ ৷

লগতে পঢ়ক:Leopard caged at Chabua: চাবুৱাৰ বালিজান পানী এৰাত পিঞ্জাৰাৱদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.