ETV Bharat / state

Worker Dies in Freak Accident at Chabua : চাবুৱাৰ বায়ুসেনা চাউনীত মেচিনত সোমাই শ্ৰমিকৰ মৃত্যু

author img

By

Published : Mar 4, 2023, 1:30 PM IST

চাবুৱাস্থিত বায়ুসেনা বাহিনীৰ চাউনীত মেচিনত সোমাই শ্ৰমিকৰ মৃত্যু (Worker Dies in Freak Accident at Chabua) ৷ ঘটনাৰ উচিত বিচাৰ আৰু ক্ষতিপুৰণৰ দাবীত চাবুৱা আৰক্ষী থানা ঘেৰাও ৰাইজৰ ৷

Worker Dies in Freak Accident at Chabua
মেচিনত সোমাই শ্ৰমিক প্ৰণৱ দত্তৰ মৃত্যু

মেচিনত সোমাই শ্ৰমিক প্ৰণৱ দত্তৰ মৃত্যু

ডিব্ৰুগড়, 4 মাৰ্চ : চাবুৱাস্থিত বায়ুসেনা বাহিনীৰ চাউনীত অঘটন ৷ বায়ুসেনাৰ চাউনীটোত কাম কৰি আছে দেশৰ বিভিন্ন প্ৰান্তৰ নিৰ্মাণকাৰী সংস্থাই ৷ এনে সময়তে বৃহস্পতিবাৰে লোমা ইনফ্ৰা প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোত কৰ্মৰত এগৰাকী শ্ৰমিকৰ শোকাৱহ দুৰ্ঘটনাত মৃত্যু হয় (Worker Dies in Freak Accident at Chabua) ৷

জানিব পৰা মতে, বালিজান পানীএৰা গাঁৱৰ নিবাসী প্ৰণৱ দত্ত নামৰ শ্ৰমিকগৰাকীয়ে এটা বিশেষ মেচিনত সোমাই কাম কৰি আছিল ৷ তেতিয়াই দুৰ্ভাগ্যবশতঃ মেচিনটো চলি যায় ৷ ফলত গুৰুতৰভাৱে আহত হয় প্ৰণৱ দত্ত নামৰ শ্ৰমিকগৰাকী ৷ তাৰ পাচতে আহত শ্ৰমিকগৰাকীক চিকিৎসালয়লৈ নিয়া হয় যদিও অৱশেষত কৰুণ মৃত্যুক আকোৱালি লয় প্ৰণৱ দত্তই ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে কোম্পানীটোৰ এগৰাকী কৰ্মচাৰীয়ে ৷

লগতে কোম্পানীটোৰ কৰ্মচাৰীয়ে কয় যে প্ৰণৱ দত্তই বিশেষ মেচিনটোত সোমাই কাম কৰি থকা কথাটো গম পোৱা নাছিল সুমিত নামৰ এগৰাকী পৰিচালকে ৷ প্ৰণৱ দত্তই মেচিনটোৰ ভিতৰত সোমাই থকা অৱস্থাতে সুমিত নামৰ পৰিচালকগৰাকীয়ে মেচিনটো চলাবলৈ আৰম্ভ কৰে ৷ তেতিয়াই উক্ত ঘটনাটো সংঘটিত হয় ৷

লগতে পঢ়ক : Baby Golden langur crying : মৃত মাতৃৰ কাষত চিঞৰি চিঞৰি কান্দিছে এটা সোণালী বান্দৰৰ পোৱালিয়ে

ইফালে উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে (Tense situation at Chabua) ৷ ঘটনা সন্দৰ্ভত কোম্পানীটোৰ তিনিজনকৈ কৰ্মচাৰীক চাবুৱা আৰক্ষীয়ে সোধপোচৰ বাবে লৈ থানালৈ লৈ গৈছে ৷ আনহাতে, মৰণোত্তৰ পৰীক্ষাৰ অন্তত নিহত শ্ৰমিকগৰাকীৰ মৃতদেহ শনিবাৰে পোনে পোনে লৈ যোৱা হয় চাবুৱা আৰক্ষী থানালৈ ৷

যেতিয়ালৈকে নিহত শ্ৰমিকগৰাকীৰ পৰিয়ালে উচিত ক্ষতিপূৰণ লাভ নকৰে, তেতিয়ালৈকে তেওঁৰ মৃতহেদ থানাৰ পৰা লৈ যোৱা নহ’ব বুলি এক প্ৰকাৰে হুংকাৰ প্ৰদান কৰে অঞ্চলটোৰ স্থানীয় ৰাইজে ৷ অৱশ্যে জানিব পৰা মতে, বাতৰি যুগুত কৰা পৰ্যন্ত নিহত শ্ৰমিকগৰাকীৰ পৰিয়ালৰ লোকে আৰক্ষীক দাখিল কৰা নাই এজেহাৰ ৷

ইপিনে, একমাত্ৰ 30 বছৰীয়া শ্ৰমিক পুত্ৰৰ মৃত্যুত নিথৰুৱা হৈ পৰিছে 60 উৰ্ধৰ বৃদ্ধ পিতৃ-মাতৃ ৷ সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি চাবুৱা অঞ্চলত এতিয়া শোকৰ ছাঁ পৰাৰ লগতে বিৰাজ কৰিছে চেপা উত্তেজনাই ।

লগতে পঢ়ক : Tense situation at Seleng Tea Estate: কৰ্তব্যৰত শ্ৰমিকৰ মৃত্যুক লৈ উত্তপ্ত চেলেং চাহ বাগিচা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.