ETV Bharat / state

দৰিদ্ৰতাক নেওচি মৰাণ উজলালে মেৰীনা হাজৰিকাই - মেৰীনা হাজৰিকা

দিন হাজিৰা কৰি কোনোমতে পৰিয়ালটো চলাই আছে । নিজ কন্যাৰ সাফল্যত মাক-দেউতাক এফালে যেনেকৈ আনন্দিত হৈছে আন এক দিশত তেওঁলোক চিন্তিত হৈ পৰিছে । কাৰণ কন্যাক উচ্চ শিক্ষা দিবৰ বাবে সামথ্য নাই পৰিয়ালটোৰ । সেয়ে ছাত্ৰীগৰাকীক উচ্চ শিক্ষা দিবৰ বাবে কোনো সহৃদয়ৱান লোকৰ সহায় বিচাৰিছে পৰিয়ালটোৱে ।

Marina Hazarika
মেৰীনা হাজৰিকা
author img

By

Published : Jun 8, 2020, 3:43 PM IST

মৰাণ, 8 জুনঃ মনত প্ৰৱল ইচ্ছা শক্তি থাকিলে শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতাই কেতিয়াও হেঙাৰ সৃষ্টি কৰিব নোৱাৰে । তাকেই প্ৰমাণ কৰি দেখুৱালে ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ অন্তৰ্গত নতুন বলাইৰ ছাত্ৰী মেৰীনা হাজৰিকাই । সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬ বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ ছাত্ৰী গৰাকীয়ে গৌৰৱ কঢ়িয়াই আনিছে সমগ্ৰ বলাই অঞ্চললৈ । অসমীয়াত ৮২,ইংৰাজীত ৮১,সাধাৰণ গণিতত ৮৪,সাধাৰণ বিজ্ঞানত ৮৪,সমাজ বিজ্ঞানত ৮৫ আৰু হিন্দীত ৮২ নম্বৰসহ মুঠ ৪৯৮ নম্বৰ লাভ কৰিছে মেৰীনাই ।

মৰাণ উজলালে মেৰীনা হাজৰিকাই

ভৃগুৰাম হাজৰিকা আৰু কবিতা হাজৰিকাৰ কন্যা মেৰীনাই খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল । বলাই জনজাতি হাইস্কুলত অধ্যয়ন কৰা ছাত্ৰীগৰাকীয়ে অনেক কষ্টৰে পঢ়া-শুনা কৰিছিল। ভৱিষ্যতে এগৰাকী সুচিকিৎসক হোৱাৰ সপোন ছাত্ৰীগৰাকীৰ । অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা এই ছাত্ৰীগৰাকীক ইতিমধ্যে ডিব্ৰুগড় জিলা ষ্টেটপুল শিক্ষক সমিতিৰ লগতে বিভিন্নজনে সম্বোৰ্ধনা জ্ঞাপন কৰিছে ।

লগতে পঢ়কঃ আৰ্থিক দীনতাৰ মাজতো উজলিল জামুগুৰিহাটৰ নিলাক্ষী

আনহাতে, ছাত্ৰী গৰাকীৰ পিতৃ এজন সাধাৰণ খেতিয়ক । দিন হাজিৰা কৰি কোনোমতে পৰিয়ালটো চলাই আছে । নিজ কন্যাৰ সাফল্যত মাক-দেউতাক এফালে যেনেকৈ আনন্দিত হৈছে আন এক দিশত তেওঁলোক চিন্তিত হৈ পৰিছে । কাৰণ কন্যাক উচ্চ শিক্ষা দিবৰ বাবে সামথ্য নাই পৰিয়ালটোৰ । সেয়ে ছাত্ৰীগৰাকীক উচ্চ শিক্ষা দিবৰ বাবে কোনো সহৃদয়বান লোকৰ সহায় বিচাৰিছে পৰিয়ালটোৱে।

লগতে চাওকঃ ওড়িশাত বিমান দুৰ্ঘটনা,নিহত ২

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.