মৰাণ, ৩১ জুলাই:কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে থলুৱা উদ্যোগ স্থাপন কৰি নিবনুৱা যুৱক- যুৱতী সকলক স্বাৱলম্বী কৰা বাবে গুৰুত্ব প্ৰদান কৰিছে । বিশেষকৈ থলুৱা উদ্যোগ স্থাপন কৰি যাতে উৎপাদন ক্ষমতা বৃদ্ধিৰ কৰিব পৰা যায় তাৰ বাবে এক জিলা এক সামগ্ৰী নীতি লৈ পৰিকল্পনা আৰম্ভ কৰিছে । ইয়াকে লৈ আজি ডিব্ৰুগড়ত উজনি অসমৰ ৮ খন জিলাক লৈ অনুষ্ঠিত হয় ক্ৰেতা-বিক্ৰেতা সন্মিলন । অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্যিক বিভাগৰ অধীনত অনুষ্ঠিত এই সন্মিলনত থলুৱা ব্যৱসায়ীসকলৰ দ্বাৰা সামগ্ৰীসমূহ দেশ-বিদেশৰ বজাৰত উপলব্ধতাৰ সন্দৰ্ভত মত-বিনিময় কৰে।
লগতে পঢ়ক:Bollywood Star Kid: ষ্টাৰ কিড হৈয়ো বলীউডত সুযোগ নাপালে এইগৰাকী অভিনেতাই, এতিয়া শেষ আশা ছানী দেওল
উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, ধেমাজি, লক্ষীমপুৰ, মাজুলী আৰু চৰাইদেউ জিলাৰ প্ৰায় এশৰো অধিক থলুৱা ব্যৱসায়ীক লৈ অনুষ্ঠিত কৰা মত বিনিময় অনুষ্ঠানত ডিব্ৰুগড় জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ মহাপ্ৰৱন্ধক মৰ্গেন মেষ্টন, ফাংচনেল মেনেজাৰ সোণমনি চৌধুৰীকে ধৰি ভালেকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে । লগতে এই অনুষ্ঠানত দেশৰ ছুপাৰ মাৰ্কেট সমূহ যেনে বিশাল, ৰিলায়েঞ্চকে ধৰি পশ্চিমবংগ, বাংলাদেশ আদি দেশৰ পৰা ক্ৰেতা অহা বুলি উদ্যোগ বিভাগৰ বিষয়াই সদৰি কৰিছে ।
ইতিমধ্য উজনি অসমত কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে এই আঁচনিৰ কাম । এই পৰিকল্পনা সফল ৰূপ পালেই অসমৰ থলুৱা ব্যৱসায়ী সকলৰ উৎপাদিত সামগ্ৰীৰে ভৰি পৰিব দেশ-বিদেশৰ বজাৰ। স্বাৱলম্বীতাৰ দিশত এখোজ আগবাঢ়িব অসমৰ থলুৱা উদ্যোগী যুৱক-যুৱতীসকল । এই আশাৰেই সকলোতে আৰম্ভ কৰা হৈছে ক্ৰেতা-বিক্ৰেতা সন্মিলন। এই ক্ৰেতা-বিক্ৰেতা সন্মিলনত অংশগ্ৰহণকাৰীসকলেও তেওঁলোকৰ নিজৰ নিজৰ ব্য়ৱসায়ৰ পৰিসৰ বৃদ্ধিৰ বাবে এখন ক্ষেত্ৰ লাভ কৰিছে ।
লগতে পঢ়ক:Ride from Jonai to Ladakh: মটৰ চাইকেলেৰে জোনাইৰ দুই যুৱকৰ লাডাখলৈ দুঃসাহসিক যাত্ৰা