ETV Bharat / state

PM Kishan আঁচনিৰ কেলেংকাৰীক লৈ সৰৱ প্ৰাক্তন বনমন্ত্ৰী এটোৱা মুণ্ডা

author img

By

Published : Jun 25, 2021, 8:48 PM IST

শেহতীয়াকৈ পিএম কিষাণ আঁচনি(PM Kishan Scheme)ৰ ধন কৃষকৰ হাতলৈ যোৱাৰ পৰিৱৰ্তে এচাম কৃষকৰ আওতাত নপৰা লোকৰ হাতলৈ যোৱাত সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ পৰৱৰ্তী সময়ত, এনে অনিয়ম তথা বেমেজালি ধৰা পৰাত কৃষি বিভাগ(agricultural department)ৰ বিষয়াৰ জৰিয়তে তদন্ত কৰাই যিসকল লোকে কৃষক পৰিয়ালৰ সংজ্ঞাৰ আওতাত নপৰাকৈ পিএম কিষাণ আঁচনিৰ ধন লাভ কৰিছিল সেইসকলক চৰকাৰ তথা কৃষি বিভাগে ধন ঘূৰাই দিবলৈ সংবাদ পত্ৰৰ জৰিয়তে বিজ্ঞাপন প্ৰকাশ কৰে ৷ ইয়াকলৈ এতিয়া চৰকাৰক তীব্ৰভাৱে সমালোচনা কৰিছে প্ৰাক্তন বনমন্ত্ৰী(Ex forest minister) এটোৱা মুণ্ডাই ৷

ex-forest-minister-atuwa-munda-being-vocal-against-government-on-pm-kishan-scheme-corruption
পিএম কিষাণ আঁচনিৰ কেলেংকাৰীক লৈ সৰৱ প্ৰাক্তন বনমন্ত্ৰী এতুৱা মুণ্ডা

মৰাণ, 25 জুন : বিগত সময়ত, পিএম কিষাণ আঁচনি(PM Kishan Scheme)ৰ জৰিয়তে কৃষকসকল উপকৃত হোৱাকৈ চৰকাৰে প্ৰতিজন কৃষকক তিনিটা কিস্তিত ২০০০ টকাকৈ মুঠ ৬০০০ টকা প্ৰদান কৰিছিল । কিন্তু, পৰৱৰ্তী সময়চোৱাত প্ৰকৃত কৃষকৰ সলনি কৃষক পৰিয়ালৰ সংজ্ঞাৰ আওতাত নপৰা একাংশ লোকে উক্ত পিএম কিষাণ আঁচনিৰ ধন লাভ কৰিছিল । পৰৱৰ্তী সময়ত, এনে অনিয়ম তথা বেমেজালি ধৰা পৰাত কৃষি বিভাগ(agricultural department)ৰ বিষয়াৰ জৰিয়তে তদন্ত কৰাই যিসকল লোকে কৃষক পৰিয়ালৰ সংজ্ঞাৰ আওতাত নপৰাকৈ পিএম কিষাণ আঁচনিৰ ধন লাভ কৰিছিল সেইসকলক চৰকাৰ তথা কৃষি বিভাগে ধন ঘূৰাই দিবলৈ সংবাদ পত্ৰৰ জৰিয়তে বিজ্ঞাপন প্ৰকাশ কৰে ৷

PM Kishan আঁচনিৰ কেলেংকাৰীক লৈ সৰৱ প্ৰাক্তন বনমন্ত্ৰী এটোৱা মুণ্ডা

এই সম্পৰ্কত, টিংখাং সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন বনমন্ত্ৰী(Ex forest minister) এটোৱা মুণ্ডাই মৰাণত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, পিএম কিষাণ আঁচনিৰ ধন ঘূৰাই বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে ৰঙীণ বিজ্ঞাপন প্ৰকাশ কৰিলেই নহ'ব । ইয়াৰ পৰিৱৰ্তে, প্ৰকৃতাৰ্থত পিএম কিষাণ আঁচনিৰ কেলেংকাৰীৰ ন্যায়িক তদন্ত হ'ব লাগিব । পিএম কিষাণ আঁচনিৰ ধন পোৱা লোক সকলে ক'ৰ পৰা এই ধন ঘূৰাই দিব বুলিও প্ৰশ্ন উত্থাপন কৰি এটোৱা মুণ্ডাই কয়, যিসকলে তালিকা প্ৰস্তুত কৰিছিল সেইসকলকেই এই ধন ঘূৰাই বিচাৰিব লাগে ।

ইফালে, প্ৰাক্তন বনমন্ত্ৰী গৰকীয়ে চৰকাৰখনক তীব্ৰভাৱে সমালোচনা কৰি বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে হিতাধিকাৰী সৃষ্টি কৰিবলৈ চৰকাৰে এনে আঁচনি প্ৰস্তুত কৰিছিল আৰু হিতাধিকাৰীৰ তালিকা গেৰুৱা দলৰ একাংশ নেতা-কৰ্মীয়ে প্ৰস্তুত কৰাৰ বাবে এনে বেমেজালি তথা কেলেংকাৰী হ'বলৈ পালে বুলি অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক : শিশু ধৰ্ষণ-হত্যাৰ তদন্তৰ বুজ ল’বলৈ ভূৰাগাঁৱত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.