ETV Bharat / state

ডিকমত কন্টেইনমেন্ট জ'নৰ পৰিয়ালক অগপৰ খাদ্য-সামগ্ৰী প্ৰদান - কন্টেইনমেন্ট জ'নৰ পৰিয়ালক অগপৰ খাদ্য সামগ্ৰী প্ৰদান

কন্টেইনমেন্ট জ'নৰ লোকসকলক শংকিত নহ'বলৈ আহ্বান অগপ বিধায়ক পোনাকন বৰুৱাৰ ৷ বিধায়ক পোনাকন বৰুৱাৰ আহ্বানমৰ্মে ডিকমত কন্টেইনমেন্ট জ'নত থকা পৰিয়ালক অগপ কৰ্মীসকলে প্ৰদান কৰিলে খাদ্য সামগ্ৰী ৷

essential-goods-distributes-among-quarantine-people-at-dikom
ডিকমত কন্টেইনমেন্ট জ'নৰ পৰিয়ালক খাদ্য-সামগ্ৰী প্ৰদান অগপৰ
author img

By

Published : May 30, 2021, 7:58 PM IST

মৰাণ, 30 মে': ৰাজ্যত অব্যাহত আছে ক’ভিড-19 ৰ গণসংক্ৰমণ ৷ পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ভাইৰাচ সংক্ৰমিত এলেকাসমূহক প্ৰশাসনে ঘোষণা কৰিছে কন্টেইনমেন্ট জ'ন হিচাপে ৷ এনে পৰিস্থিতিত চাবুৱা বিধানসভা সমষ্টিৰ অগপ বিধায়ক পোনাকন বৰুৱাই কন্টেইনমেন্ট জ'নৰ লোকসকলক শংকিত নহ'বলৈ আহ্বান জনায় ৷ বিধায়ক পোনাকন বৰুৱাৰ আহ্বানমৰ্মে ডিকমত কন্টেইনমেন্ট জ'নত থকা সমূহ পৰিয়ালক খাদ্য-সামগ্ৰী প্ৰদান কৰে অগপ কৰ্মীসকলে ।

ডিকমত কন্টেইনমেন্ট জ'নৰ পৰিয়ালক খাদ্য-সামগ্ৰী প্ৰদান অগপৰ

ৰাজ্যিক মহিলা পৰিষদৰ নেত্ৰী অঞ্জলী গগৈ, ৰাজিক সাধাৰণ পৰিষদৰ সদস্য প্ৰভাত চাহু, যুৱ পৰিষদৰ দেবব্ৰত দাসে চাউল, দাইল, মিঠাতেল, আলু, পিয়াজসহ সাহাৰ্যৰ টোপোলাসমূহ কন্টেইনমেন্ট জ'নত থকা পৰিয়ালকেইটাক প্ৰদান কৰে । কৰ'ণা মহামাৰীৰ সময়ত কোনো পৰিয়ালে ঘৰত আৱদ্ধ হৈ থাকি যাতে অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰে বাবে চাবুৱা সমষ্টিৰ বিধায়ক পোনাকন বৰুৱাই সদায় নজৰ দি থাকিব বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰে অগপ ৰাজ্যিক নেত্ৰী অঞ্জলী গগৈয়ে ।

লগতে পঢ়ক : কমাৰকুছিৰ ক'ভিড পৰিস্থিতিৰ বুজ ল'লে বিধায়ক দিগন্ত বৰ্মনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.