ডিব্ৰুগড়,14 মে’: কৰ’ণাতংকৰ মাজতে ডিব্ৰুগড়লৈ ব্যাপক প্ৰত্যাহ্বান কঢ়িয়াই আনিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ৷ চহৰখনৰ অমৰাগুৰীত চপৰা-চপৰে খহিহে বৃহত্তৰ ভূমি । এনে পৰিস্থিতিয়ে জনজীৱনৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে ৷ নিমিষতে ইতিহাসৰ বুকুত বিলীন হ'ব পাৰে প্ৰায় 180 বছৰীয়া পুৰণি ঐতিহাসিক চহৰখন ।
ইতিমধ্যে এই গৰাখহনীয়াই স্থানীয় লোকৰ মাজত সৃষ্টি কৰিছে তীব্ৰ আতংকৰ । বৃহস্পতিবাৰৰ দিনটোত চহৰখনৰ নিকটৱৰ্তী অঞ্চলৰ কেইবাটাও ঘৰৰ ভেটি জাহ যায় ব্ৰহ্মপুত্ৰত । অঞ্চলটোত দীৰ্ঘদিনৰ পৰা অব্যাহত আছিল গৰাখহনীয়া । বিভাগীয় কৰ্তৃপক্ষই খহনীয়া ৰোধৰ বাবে কোনো আঁচনি চৰকাৰে গৃহীত নকৰাৰ অজুহাত দেখুৱাই বিষয়টোক আওকাণ কৰে । ডিব্ৰুগড় চহৰখনৰ সুৰক্ষাৰ বাবে থকা একমাত্ৰ মথাউৰিটোও সম্প্ৰতি খহি যোৱাৰ উপক্ৰম হৈছে ৷ ইতিমধ্যে এলেকাটোৰ এক বৃহৎ অঞ্চল খহাই নিছে নদীখনে ৷ বিষয়টোত বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷
লগতে চাওকঃ লক্ ডাউনঃ কেনেদৰে চলিছে অসমৰ একমাত্ৰ মানসিক চিকিৎসাৰ প্ৰতিষ্ঠানখন !