ETV Bharat / state

Erosion in Rahmaria: ৰহমৰীয়াৰ গৰাখহনীয়া অতিশীঘ্ৰেই সমাধানৰ পথত

author img

By

Published : Jul 29, 2022, 2:19 PM IST

বান-গৰাখহনীয়াত জুৰুলা লাহোৱাল সমষ্টিৰ ৰহমৰীয়াবাসীলৈ ভাল খবৰ । অতিশীঘ্ৰে সমাধান হ'ব ৰহমৰীয়াৰ গৰাখহনীয়াৰ সমস্যা(Problem of erosion of Rahmaria will be resolved soon) । ৰহমৰীয়াৰ গৰাখহনীয়া সমস্যাৰ বাবে চৰকাৰে কেইবাখনো আঁচনি ৰূপায়ণ কৰাৰ কথা প্ৰকাশ কৰিলে বিধায়ক বিনোদ হাজৰিকাই(Implementation of several schemes of government due to erosion problem) ।

erosion of rahmaria will be end soon
Erosion in Rahmaria: ৰহমৰীয়াৰ গৰাখহনীয়া অতিশীঘ্ৰেই সমাধানৰ পথত

মৰাণ,২৯ জুলাই: বান-গৰাখহনীয়াই বিপৰ্যস্ত কৰি তোলা লাহোৱাল সমষ্টিৰ অন্তৰ্গত ৰহমৰীয়াৰ গৰাখহনীয়া অতিশীঘ্ৰেই সমাধানৰ পথত(Problem of erosion of Rahmaria will be resolved soon) । সুদীৰ্ঘ সময় আন্দোলন কৰি থকা ৰহমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চৰ এই দাবীৰ প্ৰতি সঁহাৰি জনাইছে ৰাজ্য চৰকাৰে । ৰহমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চৰ উদ্যোগত ৰহমৰীয়াৰ গেণীচুক ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বিশেষ সম্বৰ্ধনা অনুষ্ঠানত এইকথা প্ৰকাশ কৰিছে বিধায়ক বিনোদ হাজৰিকাই(Implementation of several schemes of government due to erosion problem) ।

বিধায়ক বিনোদ হাজৰিকাই ৰহমৰীয়াত আধৰুৱা হৈ থকা নদীৰ গৰাখহনীয়া,বাট-পথ আৰু চিকিৎসাৰ সমস্যা অহা জানুৱাৰী মাহৰ ভিতৰত চৰকাৰৰ বহুকেইখন অভিলাষী আঁচনিৰ জৰিয়তে সমাধানৰ পথ প্ৰশস্ত হৈ পৰিব বুলি উল্লেখ কৰে । ইফালে আন্দোলনৰ ফলত সুৰ্দীঘ ২০ বছৰ ধৰি বন্ধ হৈ থকা অইল ইণ্ডিয়াৰ তৈল খাদটোও অহা এমাহৰ ভিতৰত মুকলি কৰিব বুলিও উল্লেখ কৰে বিধায়ক বিনোদ হাজৰিকাই । খাদটো অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব বুলি জনাই বিধায়কগৰাকীয়ে ।

বৃহস্পতিবাৰে এই বিশেষ অনুষ্ঠানত ৰহমৰীয়াৰ সমাজ, সাহিত্য, ৰাজনৈতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা বহুমূলীয়া অৱদানৰ বাবে ৰহমৰীয়া অঞ্চলৰ ১৫০ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় । একে অনুষ্ঠানতে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কেইবাগৰাকী কৃৰ্তীমান ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয় । ৰহমৰীয়া অঞ্চলৰ যথেষ্ট সংখ্যক ৰাইজে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, সমবায় সমিতিৰ বিষয়ববীয়া সকলৰ লগতে ৰহমৰীয়া প্ৰতিৰোধ সংগ্ৰাম সমিতিৰ শীৰ্ষ নেতৃত্বসকলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক: Assam cabinet decisions: তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান-গণিতৰ মাধ্যম হ’ব ইংৰাজী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.