ETV Bharat / state

বুঢ়ীদিহিং নদীৰ খহনীয়া অব্যাহত

author img

By

Published : Oct 6, 2020, 5:53 PM IST

খহনীয়াত জাহ যোৱাৰ দিশে লেঙেৰী মৌজাৰ অন্তৰ্গত পূবেৰুণ কৃষিপাম নিগম ৷ দীৰ্ঘদিনে অব্যাহত থকা এই খহনীয়াই নৈপৰীয়া অঞ্চলটোৰ প্ৰায় এশটা পৰিয়াললৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি ৷

Erosion of Burhi dihing river in Dibrugarh assam etv bharat news
বুঢ়ীদিহিং নদীৰ খহনীয়া অব্যাহত

মৰাণ, 6 অক্টোবৰ: ডিব্ৰুগড় জিলাৰ লেঙেৰী মৌজাৰ অন্তৰ্গত পূবেৰুণ কৃষিপাম নিগমৰ সমীপত অব্যাহত আছে বুঢ়ীদিহিং নদীৰ খহনীয়া ৷ এই খহনীয়াই নৈপৰীয়া অঞ্চলটোৰ প্ৰায় এশটা পৰিয়াললৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি ৷ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁৱখনত দীৰ্ঘদিনে অব্যাহত থকা খহনীয়াৰ ফলত কৃষি ভূমি, বাসগৃহ আদি সম্পূৰ্ণৰূপে জাহ গৈছে ৷ অঞ্চলটোৰ নদীকিনাৰ, 3নং চৰাইহাবি, 3নং ভৰালীবাৰী হৰেঘাট নামৰ গাঁও তিনিখনৰ লগতে ভৰালীবাৰী নিগম মথাউৰিটোলৈও ভাবুকি কঢ়িয়াই আনিছে এই খহনীয়াই ।

বুঢ়ীদিহিং নদীৰ খহনীয়া অব্যাহত

উল্লেখ্য যে, এই সমস্যা সমাধানৰ বাবে জল সম্পদ বিভাগৰ লগতে স্থানীয় বিধায়কেও আৰোপ কৰা নাই কোনো গুৰুত্ব ৷ অঞ্চলবাসীয়ে শীঘ্ৰে এই সমস্যা সমাধানৰ জৰিয়তে গাঁৱখন খহনীয়াৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰক আহ্বান জনাইছে ৷

লগতে চাওকঃ SI কাণ্ডৰ মূল অভিযুক্ত পি কে দত্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.