ETV Bharat / state

নিৰ্বাচনী হিংসা: টিংখঙৰ ভোটকেন্দ্ৰত দুস্কৃতিকাৰীৰ প্ৰৱেশৰ চেষ্টা - ভোটদান

শনিবাৰে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্তত 119 নং টিংখং বিধানসভা সমষ্টিৰ নীলমণি চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ 143 AB নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত তীব্ৰ উত্তেজনা ৷ বলপূৰ্বকভাৱে ভোটকেন্দ্ৰত প্ৰৱেশৰ চেষ্টা দুস্কৃতিকাৰীৰ ৷ দুজনক আটক আৰক্ষীৰ ৷

election-confict
নিৰ্বাচনী হিংসা
author img

By

Published : Mar 27, 2021, 10:57 PM IST

টিংখং,27 মাৰ্চ : শনিবাৰৰ দিনটোত সুকলমে ভোটদানৰ প্ৰক্ৰিয়া সমাপ্ত হয় যদিও ভোটদানৰ অন্তত 119 নং টিংখং বিধানসভা সমষ্টিৰ নীলমণি চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ 143 AB নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰটোত সংঘটিত হয় নিৰ্বাচনী হিংসাৰ ঘটনা ৷ ভোটিং মেচিনত ছীল মাৰি থকাৰ সময়তে দুস্কৃতিকাৰীয়ে বলপূৰ্বকভাৱে কেন্দ্ৰটোত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ।

ভোটগ্ৰহণ কেন্দ্ৰটোত নিয়োজিত নিৰাপত্তাৰক্ষীয়ে আটক কৰে দুজনকৈ লোকক । উক্ত ঘটনাক কেন্দ্ৰ কৰি কেন্দ্ৰটোত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ । ঘটনাস্থলীত টিংখং আৰক্ষী উপস্থিত হৈ লোক দুজনক আটক কৰি টিংখং আৰক্ষী থানালৈ লৈ যায় ।

স্থানীয় লোকৰ অভিযোগ অনুসৰি, প্ৰায় 20-25 জনীয়া এটা দুৰ্বৃত্তৰ দল সোমাইছিল ভোটকেন্দ্ৰটোত । ঘটনাৰ সন্দৰ্ভত বৰ্তমানলৈকে কোনো মতামত দিয়া নাই টিংখং আৰক্ষীয়ে ৷

লগতে পঢ়ক : ভোটদাতা ৰাইজক ধন্যবাদ জনালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.