মৰাণ,13 মে': শুকুৰবাৰে দেশজুৰি পালন কৰা হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ-উল-ফিতৰ । প্ৰায় এমাহযোৰা ৰমজান মাহৰ ৰোজাৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰে ত্যাগ আৰু ভাতৃত্ববোধৰ উৎসৱ ঈদ-উল-ফিতৰ । পিছে ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে এইবাৰ ঈদ উদযাপনৰ পৰা বিৰত থাকিব নাহৰকটীয়াৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে । ক’ভিড মহামাৰীৰ ভয়াৱহতাৰ বাবে নাহৰকটীয়া জামা মছজিদে বাতিল কৰিছে ঈদৰ নামাজ ।
বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত এই কথা ঘোষণা কৰে নাহৰকটীয়া জামা মছজিদ পৰিচালনা সমিতিয়ে । ৰাজ্য চৰকাৰে জাৰি কৰা নতুন নিৰ্দেশনাক সন্মান জনাই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি সদৰী কৰিছে জামা মছজিদ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে । লগতে ক’ভিডৰ এই ভয়াৱহ পৰিৱেশৰ মাজত সকলোকে সজাগ আৰু সুৰক্ষিত হৈ থাকিবলৈও আহ্বান জনাইছে জামা মছজিদ পৰিচালনা সমিতিয়ে ।
লগতে পঢ়ক : ক’ভিড 19: কঠোৰ হৈছে তিনিচুকীয়া প্ৰশাসন