ETV Bharat / state

Eid al adha: গো আইনক সন্মান জনাই পালন মৰাণত কুৰ্বানি

author img

By

Published : Jul 10, 2022, 1:47 PM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰাকৈ মৰাণতো পালন ঈদ-উল-জোহা (Eid-al-adha celebrated at Moran) ৷ ৰাজ্যৰ গৃহ মন্ত্ৰালয়ে কুৰ্বানি সম্পৰ্কে নিৰ্ধাৰণ কৰি দিয়া সকলো নীতি-নিয়ম মানি চলাৰ সিদ্ধান্ত মৰাণবাসীৰ ৷

eid-al-adha-celebrated-at-moran
Eid al adha: গো আইনৰ প্ৰতি সন্মান জনাই পালন কুৰ্বানি

মৰাণ, 10 জুলাই: আজি ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ ঈদ-উল-জোহা (Eid-al-adha)। ৰাজ্যজুৰি পালন ঈদ উদ জোহাৰ সমূহীয়া নামাজ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে মৰাণতো ইছলাম ধৰ্মাৱলম্বীৰ লোকসকলে পালন কৰিলে পৱিত্ৰ ঈদ উদ জোহা ।

ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত মৰাণৰ জামে মছজিদতো ঈদ-উদ-জোহাৰ সমূহীয়া নামাজ পালন কৰা হয় । শিশুৰ পৰা বৃদ্ধলৈকে কেইবাশতাধিকলোকে সমূহীয়া নামাজত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।

ঈদৰ সমূহীয়া নামাজৰ পিছত, সকলোৱে এজনে আনজনক অভিনন্দন জনোৱা দেখা গ’ল । আনহাতে আৰক্ষী প্ৰশাসনে ঈদগাহ মৈদানত নিৰাপত্তা ব্যৱস্থা কৰা পৰিলক্ষিত হয় । শেহতীয়াকৈ ৰাজ্যৰ গৃহ মন্ত্ৰালয়ে কুৰ্বানি সম্পৰ্ক জাৰি কৰিছে কিছু নীতি-নিৰ্দেশনা ৷ সেয়াহে গো আইনক সন্মান জনাই গৃহ মন্ত্ৰালয়ে নিৰ্ধাৰণ কৰি দিয়া নীতি নিয়মৰ মাজেৰে কুৰ্বানি দিব বুলিও জনাই ইছলাম ধৰ্মালম্বীলোকে ৷

চৰকাৰে কুৰ্বানি সম্পৰ্কে নিৰ্ধাৰণ কৰি দিয়া নীতি-নিয়ম সকলোৱে মানি চলাৰ বাবে সমূহীয়া সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিছে মৰাণৰ সচেতন ব্যাক্তিয়ে ।

লগতে পঢ়ক: যোৰহাটত ঈদ-উল-জুহা উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.