ETV Bharat / state

ৰাজকোষ উদং: বিধায়ক পুঁজিৰ দেখাদেখি নাই, চাহ নিগমৰ সম্পত্তিও নিলামৰ দিশে

অসম চৰকাৰৰ বিত্তীয় সংকট । চাহ শ্ৰমিকৰ বকেয়া আদায় দিয়া নাই । চাহ নিগমৰ সম্পত্তি নিলামৰ পৰামৰ্শ আদালতৰ ।

Assam Economy
ৰাজকোষ উদং:মোকলাই দিয়া নাই বিধায়ক পুঁজি, দিয়া নাই চাহ শ্ৰমিকৰ বকেয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

গুৱাহাটী : ঋণৰ ওপৰত ঋণ লৈ তৎ নোপোৱা মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিত্তীয় অৱস্থা সুস্থিৰ নহয় । সেই কথা ইতিমধ্যে চৰকাৰখনৰ বহুকেইটা পদক্ষেপত উন্মোচিত হৈছে । বিত্তীয় সংকট থকা স্বত্বেও কিন্তু চৰকাৰখনে হিতাধিকাৰী সৃষ্টিৰ ক্ষেত্রত অলপো কৃপণালি কৰা নাই ।

ৰাজ্যৰ বিত্তীয় অৱস্থা যিয়েই নহওঁক কিয় হিতাধিকাৰী সৃষ্টি কৰা বিভিন্ন আঁচনিৰ বাবে চৰকাৰখনে হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰি আহিছে । লাগিলে ঠিকাদাৰকে ধন আদায় নিদিয়াকৈ আছে নাইবা চাহ বাগিচাৰ শ্ৰমিকৰ বকেয়া নিদিয়াকৈ আছে । লাগিলে বিধায়ক পুঁজি আৱণ্টন নকৰাকৈ আছে । কিন্তু হিতাধিকাৰীয়ে সময়মতে আঁচনিৰ সুবিধা লাভ নকৰাকৈ থকা নাই ।

ৰাজকোষ উদং: বিধায়ক পুঁজিৰ দেখাদেখি নাই, চাহ নিগমৰ সম্পত্তিও নিলামৰ দিশে (ETV Bharat Assam)

লক্ষণীয় বিষয় যে ৰাজ্য চৰকাৰে ঠিকাদাৰক কামৰ বিনিময়ত ধন আদায় দিব নোৱাৰাৰ কথা অলপতে উচ্চ ন্যায়ালয়ত উন্মোচন হৈছিল । প্ৰতি মাহে দুই-তিনিবাৰকৈ চৰকাৰে ঋণ লোৱাৰ বিষয়টোৱে ৰাজকোষৰ অৱস্থা যে টনকিয়াল নহয় সেই কথা উদঙাই দিছে । শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ মজিয়াতো ৰাজ্য চৰকাৰৰ বিত্তীয় সংকটৰ দিশটো উন্মোচিত হৈছে ।

ৰাজকোষ উদং কৰি ৰখা ৰাজ্য চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকৰ বকেয়া দিব পৰা নাই । যাৰ বাবে উচ্চতম ন্যায়ালয়ে অসম চৰকাৰক চাহ নিগমৰ সম্পত্তি নিলাম কৰি বকেয়া আদায় দিয়াৰ নিৰ্দেশ দিছে । অসম চৰকাৰৰ মালিকানাধীন ১৪ খন চাহ বাগিচাৰ শ্ৰমিকসকলৰ প্ৰায় ৭০ কোটি টকাৰ বকেয়া পূৰণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে চাহ নিগমৰ সম্পত্তি নিলাম কৰাৰ নিৰ্দেশ দিছে । বিচাৰপীঠে নিগমৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকলৈ ৭ ডিচেম্বৰৰ ভিতৰত নিগমৰ সম্পত্তিৰ হিচাপ প্ৰদান কৰিবলৈ নিৰ্দেশ প্রদান কৰিছে ।

লক্ষণীয় বিষয় যে সমগ্ৰ বিষয়টোত ৰাজ্য চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ ইয়াৰ পূৰ্বে ন্যায়ালয়ে ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাক ন্যায়ালয়ৰ মজিয়াত উপস্থিত হৈ ব্যাখ্যা দাঙি ধৰিবলৈ নিৰ্দেশ প্রদান কৰিছিল । সেই অনুসৰি মুখ্য সচিবগৰাকীয়ে বৃহস্পতিবাৰে ন্যায়ালয়ৰ সন্মুখত প্ৰকাশ কৰে যে যোৱা দুবছৰ ধৰি লোকচানৰ সন্মুখীন হোৱা অসম চাহ নিগমক এই মুহূৰ্তত ৰাজ্য চৰকাৰে সহায় কৰিব পৰা অৱস্থাত নাই । চাহ নিগমৰ নিচিনা ক্ষতিৰ সন্মুখীন হৈ থকা কোম্পানী এটাক আর্থিক সহায় প্রদান কৰাটো ৰাজ্যৰ বৃহত্তৰ স্বাৰ্থৰ পৰিপন্থী হ'ব । সেয়েহে আইন তথা কোম্পানী বিধি নিয়ম অনুসৰি বিহিত যিকোনো ব্যৱস্থা গ্ৰহণ কৰা হ'ব পাৰে বুলি মুখ্য সচিবগৰাকীয়ে ন্যায়ালয়ৰ আগত সদৰী কৰিছিল ।

ইয়াৰ পিছতেই খণ্ড বিচাৰপীঠে ৭ ডিচেম্বৰৰ ভিতৰত অসম চাহ নিগমৰ সম্পত্তিৰ হিচাপ প্ৰদান কৰিবলৈ নিগমৰ অধ্যক্ষজনক নির্দেশ প্ৰদান কৰে । বিচাৰপীঠে লগতে এয়াও স্পষ্ট কৰি দিয়ে যে নিগমৰ সম্পত্তি নিলাম কৰি চাহ শ্ৰমিকসকলৰ বকেয়া পূৰণ কৰা হ'ব । এই কথাই স্পষ্ট কৰে যে অসম চৰকাৰৰ বিত্তীয় অৱস্থা সুস্থিৰ নহয় । যাৰ বাবে চৰকাৰে নিগমক সহায় কৰিব পৰা নাই ।

ৰাজ্য চৰকাৰৰ বিত্তীয় অৱস্থা একেবাৰে শোচনীয় :

ইফালে ৰাজকোষ উদং হোৱাৰ বাবে চৰকাৰে বিধায়ক পুঁজি আৱণ্টন কৰিব পৰা নাই । যাক লৈ ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । নিজৰ প্ৰতিক্ৰিয়াত দেৱব্ৰত শইকীয়াই কয়,"চৰকাৰৰ বিত্তীয় অৱস্থা একেবাৰে শোচনীয় । ৰাজহুৱা সম্পদ বিক্ৰী কৰি চৰকাৰ চলাই আছে । এতিয়া ২০২৪ চনৰ নৱেম্বৰ মাহ পালেহি, কিন্তু এতিয়ালৈকে বিধায়ক পুঁজি চৰকাৰে আৱণ্টন কৰিব পৰা নাই, যাৰ ফলত উন্নয়ন পিছ পৰি ৰৈছে । ইয়াৰ উপৰিও চৰকাৰৰ বিশেষ আঁচনিসমূহৰ পৰা বিৰোধী বিধায়ক থকা সমষ্টিসমূহক আঁতৰাই ৰাখি চৰকাৰে ভেদভাৱ কৰি আছে । চৰকাৰৰ বিত্তীয় অৱস্থা যে ভাল নহয় তাৰ অন্যতম উদাহৰণ বিধায়ক পুঁজি অনুমোদন নকৰাটো । চৰকাৰখনে বিধায়ক পুঁজি অহাৰ পিছতো বিভিন্ন মেৰপাক লগাব বিচাৰে ।"

দেৱব্ৰত শইকীয়াই লগতে কয়,"মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ ক্ষেত্রত পুঁজি শাসক পক্ষৰ ক্ষেত্রত বেছিকৈ দিয়া হয় । বিৰোধীৰ ক্ষেত্রত ভেদাভেদ কৰা হয় । বিধায়ক পুঁজি নিদিয়াৰ বাবে আমি সময়মতে কাম কৰিব পৰা নাই ।"

লগতে পঢ়ক :অসমৰ ট্ৰেডিং কেলেংকাৰীৰ গোচৰ: ৫ ৰাজ্যৰ ৯২ টা স্থানত চি বি আইৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.