ETV Bharat / bharat

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমানৰ কাৰিকৰী বিজুতি - PM NARENDRA MODI

কাৰিকৰী বিজুতিৰ বাবে প্ৰধানমন্ত্ৰীৰ বিমান দেওঘৰ বিমানবন্দৰত আৱদ্ধ হৈ পৰে ।

PM Narendra Modi
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমানৰ কাৰিকৰী বিজুতি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 15, 2024, 6:48 PM IST

দেওঘৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে বিহাৰৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল । তাৰ পৰা তেওঁ ঝাৰখণ্ডৰ দেওঘৰ বিমানবন্দৰত উপস্থিত হৈছিল । দেওঘৰৰ পৰা তেওঁ দিল্লীলৈ উৰা মৰাৰ কথা আছিল । কিন্তু কাৰিকৰী বিজুতিৰ বাবে দেওঘৰ বিমানবন্দৰতে বিমানখনত বহু সময় ধৰি আৱদ্ধ হৈ থাকে প্ৰধানমন্ত্ৰীগৰাকী । যাৰ বাবে তেওঁ দিল্লীলৈ ওভতোতে পলম হয় ।

জানিব পৰা মতে উৰণৰ পূৰ্বে নিয়মীয়া পৰীক্ষাৰ সময়তে বিমানখনত কিছু কাৰিকৰী সমস্যা ধৰা পৰে । যাৰ বাবে দেওঘৰ বিমানবন্দৰতে বিমানখন ৰখাই থোৱা হয় । অভিযন্তাৰ এটা বিশেষ দল সম্প্ৰতি বিমানখন পৰীক্ষা কৰাত ব্যস্ত হৈ আছে আৰু কাৰিকৰী সমস্যা সমাধানৰ চেষ্টা কৰি আছে । প্ৰধানমন্ত্ৰী মোদীয়ে দেওঘৰ বিমানবন্দৰত তেওঁৰ বিমানখন সাজু হোৱাৰ বাবে প্ৰায় ১ ঘণ্টা ধৰি অপেক্ষা কৰি থাকে । তেওঁৰ উপস্থিতিৰ পৰিপ্ৰেক্ষিতত বিমানবন্দৰত নিৰাপত্তা বৃদ্ধি কৰা হৈছে ।

বিহাৰৰ জামুইৰ পৰা দেওঘৰলৈ গৈছিল প্ৰধানমন্ত্ৰী

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰৰ জামুইত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল । তাৰ পিছত তেওঁ দেওঘৰৰ পৰা দিল্লীলৈ ৰাওনা হোৱাৰ কথা আছিল । অৱশ্যে, বিমানখনত কাৰিকৰী বিজুতিৰ বাবে প্ৰধানমন্ত্ৰী প্ৰায় ১ ঘণ্টা ধৰি দেওঘৰ বিমানবন্দৰতে আৱদ্ধ হৈ থাকে । তেওঁ বিহাৰত এক ৰেলীত অংশগ্ৰহণ কৰে আৰু বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আয়োজিত জনজাতীয় গৌৰৱ দিৱসৰ অনুষ্ঠানত উপস্থিত থাকে । সেই উপলক্ষে তেওঁ প্ৰায় ৬,৬৪০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে ।

লগতে পঢ়ক :দেৱদূতৰ দৰে আহি প্ৰাণ ৰক্ষা কৰিলে 7 যাত্ৰীৰ: মুখ্যমন্ত্ৰীৰ পুৰস্কাৰ ১ লাখ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.