ETV Bharat / state

মৰাণত ডিমৌ নদীৰ গৰাখহনীয়াই লৈছে ভয়াৱহ ৰূপ

মৰাণ সমষ্টিৰ এখন গাঁৱলৈ ভাবুকি কঢ়িয়াইছে ডিমৌ নদীৰ গৰাখহনীয়াই | মৰাণ-নিতাই সংযোগী পথৰ আখৈফুটিয়াত ডিমৌ নদীৰ গৰাখহনীয়াই লৈছে ভয়ংকৰ ৰূপ ৷ প্ৰতিশ্ৰুতি দিওঁ ঠাইখনৰ কথা পাহৰিলে বিধায়ক চক্ৰধৰ গগৈয়ে ৷ স্থানীয় লোকে শীঘ্ৰে এই খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে ৷

author img

By

Published : Nov 11, 2020, 8:58 AM IST

A_Moran_801to805_Effect of Erosion on a road in Moran_vis_As10031
কলালোৰ কোঁ‌চ গাঁৱত ডিমৌ নদীৰ গৰাখহনীয়াই লৈছে ভয়াৱহ ৰূপ

মৰাণ,11 নৱেম্বৰ: ডিমৌ নদীৰ গৰাখহনীয়াই ভাবুকি কঢ়িয়াইছে মৰাণ সমষ্টিৰ এখন গাঁৱলৈ ৷ ধেমেচীৰ কলালোৰ কোঁ‌চ গাঁৱত ডিমৌ নদীৰ গৰাখহনীয়াই লৈছে ভয়াৱহ ৰূপ ৷ কলালোৰ কোঁ‌চ গাঁৱৰ মাজেৰে যোৱা মৰাণ-নিতাই সংযোগী পথৰ আখৈফুটিয়াত ডিমৌ নদীৰ গৰাখহনীয়াই পথটোলৈ ভাবুকি কঢ়িয়াইছে । নদীখনৰ গৰাখহনীয়া ইমানেই বৃদ্ধি পাইছে যে আৰু অলপ গৰা খহিলেই পথটো বিচ্ছিন্ন হৈ পৰিব। স্থানীয় ৰাইজৰ মতে বাৰিষা নদীখনৰ পানী উফন্দি উঠিলেই চপৰা চপৰে খহি যায় গৰা। বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পাছতো গৰাখহনীয়া ৰোধ কৰিবলৈ কোনো গুৰুত্ব দিয়া নাই ৷ প্ৰতিশ্ৰুতি দিও ঠাইখনৰ কথা পাহৰিলে

বিধায়ক চক্ৰধৰ গগৈয়ে ৷ যাৰ বাবে স্থানীয় ৰাইজে পথটো বিচ্ছিন্ন হৈ পৰাৰ আশংকা কৰিছে । নদীখনৰ পৰা মাত্ৰ দুই মিটাৰ মানৰ আঁ‌তৰেৰে পথটো পাৰ হৈ গৈছে সেয়ে যিকোনো মুহূৰ্তত অঘটন হোৱাৰ সম্ভাৱনা বেছি । ইফালে মৰাণ-নিতাই সংযোগী এই পকী পথটোৱে মৰাণ সমষ্টিৰ বিধায়ককে ধৰি অসংখ্য দায়িত্বশীল ব্যক্তি অহা-যোৱা কৰি থাকে যদিও আজি পৰ্যন্ত কোনো এজনে এই বৃহৎ সমস্যাটোৰ প্ৰতি গুৰুত্ব দিয়া নাই বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে । এক আতংকৰ মাজেৰে দিন অতিবাহিত কৰা লোক সকলে শীঘ্ৰে এই খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে ।

লগতে পঢ়ক:বিহাৰ নিৰ্বাচনৰ ফলাফলঃ চাকাইৰ পৰা বিজয়ী নিৰ্দলীয় প্ৰাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.