মৰাণ,27 এপ্ৰিলঃ সমগ্ৰ দেশৰ লগতে ৰাজ্যতো এতিয়া ক’ভিড-19য়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় জিলাত আজিও অনিয়ন্ত্ৰিত হৈ আছে ক'ভিড পৰিস্থিতি । যিহেতু যোৱা ১০ দিনত ডিব্ৰুগড় জিলাত ৩০০ তকৈও অধিক ক'ভিড- ১৯ পজিটিভ ৰোগী চিনাক্তকৰণ হৈছে ৷
ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী অধিসূচনা অনুসৰি ডিব্ৰুগড় জিলাৰ উপায়ুক্তই এক আদেশযোগে জিলাখনৰ সকলো শিক্ষানুষ্ঠান(চৰকাৰী/বেচৰকাৰী) প্ৰাক প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত লগতে সকলো মহাবিদ্যালয়, ক’চিং ইনষ্টিটিউছন আৰু সকলো শ্ৰেণীৰ হোষ্টেল সমূহ বন্ধ ঘোষণা কৰিছে ৷ অহা ২৮ এপ্ৰিল, ২০২১ ৰ পৰা ১২ মে, ২০২১ লৈকে বন্ধ ঘোষণা কৰিছে বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে, এইক্ষেত্ৰত ছাত্ৰ- ছাত্ৰীসকলৰ বাবে অনলাইন ক্লাছসমূহ চলি থাকিব বুলিও প্ৰশাসনে জানিবলৈ দিয়ে ।
লগতে পঢ়কঃ ১২ বছৰীয়া কিশোৰী চুমিলাৰ হত্যাকাণ্ডই কপাইছে ৰাজ্য