মৰাণ,১৫ ফেব্ৰুৱাৰী: ২৮ জানুৱাৰীৰ পৰা ডিব্ৰুগড় জিলাৰ নামৰূপ গান্ধী খেলপথাৰত অনুষ্ঠিত হোৱা শ্বহীদ দুৰ্লভ গগৈ সোঁৱৰণী আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে সফল সামৰণি পৰে । নামৰূপবাসীৰ একান্ত সহযোগত আৰু বৃহত্তৰ নামৰূপ ফুটবল উন্নয়ন মঞ্চৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ চূড়ান্ত খেল দেওবাৰে অনুষ্ঠিত হয় ।
চূড়ান্ত খেলত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত অসম পুলিচ একাদশে নামৰূপ একাদশক এক শূন্য গ'লৰ ব্যৱধানত পৰাজিত কৰি প্ৰতিযোগিতাখনৰ সফল সামৰণি পেলায় । খেলখনৰ অন্তত অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতিৰ লগতে যুুুুৱ বিজেপি নেতা তৰাংগ গগৈৰ লগতে শ্বহীদগৰাকীৰ পৰিয়াল উপস্থিত থাকে ।
উল্লেখ্য যে, অভিশপ্ত বাঘজান কাণ্ডত অকালতে প্রাণ হেৰুওৱা সুদক্ষ ফুটবল খেলুৱৈ তথা অইল ইণ্ডিয়া লিমিটেডৰ অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰী নামৰূপৰ দুৰ্লভ গগৈৰ পবিত্ৰ স্মৃতিত অনুষ্ঠিত কৰা হয় ফুটবল প্ৰতিযোগিতাখন ।
লগতে পঢ়ক:গণ সুৰক্ষা পাৰ্টীৰে কোনো সম্পৰ্ক নাই অবড়ো সুৰক্ষা সমিতিৰ