ডিব্ৰুগড়,8 এপ্ৰিল: ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বৃহস্পতিবাৰে পুৱা ৮ বজাৰ পৰা বিয়লি ২ বজালৈ অনুষ্ঠিত ভোটদান প্ৰক্ৰিয়াৰ পাছতে আৰম্ভ হৈছে ভোট গণনা । ইতিমধ্যে দুগৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় লাভ কৰিছে ৷ বিশ্ববিদ্যালয়ৰ নিৰ্বাচনী কমিটিয়ে আনুষ্ঠানিকভাৱে প্ৰতিটো পদৰ ফলাফল ঘোষণাৰ পাছতহে দুই প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব বুলি জনাইছে ।
ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ধামখুমীয়াৰ পাছতেই অনুষ্ঠিত হোৱা উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত মুঠ ১৮ টা পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৩৫ গৰাকী প্ৰতিদ্বন্দ্বীৰ ভৱিষ্যত নিৰ্ধাৰণ হ'ব । ছাত্ৰ ৰাজনীতিৰ দুৱাৰদলি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত এইবাৰ মুঠ ভোটাৰ আছিল ৪,৬১৫ গৰাকী ৷ বৰ্তমানলৈকে প্ৰাৰ্থীসকলে ৩,৩৩৮ টা ভোট লাভ কৰিছে ৷
বহু বাদ-বিসম্বাদ, ছাত্ৰ পক্ষৰ আন্দোলন আদিৰ বিসংগতিৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন বিগত দুটা বছৰে অনুষ্ঠিত নোহোৱাকৈ থকা লগতে দুটা শৈক্ষিক বৰ্ষ স্নাতকোত্তৰ ছাত্র একতা অবিহনেই শেষ হ'ল । ২০১৮-১৯ আৰু ১৯-২০ বৰ্ষৰ নিৰ্বাচন অনুষ্ঠিত নোহোৱাকৈ থকাৰ পাছত এইবাৰ ২০২০-২০২১ বৰ্ষৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে ।
উল্লেখ্য যে, সভাপতি পদৰ বাবে আছুৰ সমৰ্থিত ধৃতিষা গগৈ আৰু নিৰ্দলীয়ভাৱে পৱন গগৈয়ে প্ৰতিদ্বন্দ্বিতাত নামিছে । আনহাতে, উপ সভাপতি পদৰ বাবে তিনিগৰাকী প্ৰাৰ্থী ক্ৰমে সাৰ্দিক বৰুৱা, বিশাল কুমাৰ শৰ্মা আৰু লক্ষীনন্দন তায়ে আৰু সাধাৰণ সম্পাদক পদৰ বাবে লব্ধপ্ৰতিম দাস, হিমালয় বাৰিক নামৰ ছাত্ৰসকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷
৮ এপ্ৰিলৰ পুৱা ৮ বজাৰ পৰা দিনৰ ২ বজালৈ ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হোৱাৰ পাছতেই আৰম্ভ হোৱা ভোট গণনা প্ৰক্ৰিয়াত বৰ্তমানলৈকে কেইবাগৰাকী আছু সমৰ্থিত প্ৰাৰ্থী আগবাঢ়ি থকা বুলি শেহতীয়া তথ্য পোৱা গৈছে । বিষ্ণুপ্ৰসাদ ৰাভা সভাগৃহত অব্যাহত ভোট গণনা প্ৰক্ৰিয়া নিশাৰ ভাগত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা অধিক । সভাপতি-সম্পাদক সহ ৩৫ জন প্ৰতিদ্বন্দ্বীয়ে বিশ্ববিদ্যালয়ৰ বিভিন্ন সমস্যা-দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি নিজৰ লক্ষ্য-উদ্দেশ্য সন্দৰ্ভত বক্তব্য ৰখাৰ লগতে বিশ্ববিদ্যালয়ক দেশৰ বুকুত জিলিকাই তোলাৰ উদ্দেশ্য প্ৰকাশ কৰে ।
লগতে পঢ়ক: নন্দিতা কোঁৱৰক চাৰি বছৰৰ সশ্ৰম কাৰাদণ্ড