ETV Bharat / state

Cops in paddy field: পিঠিত বন্দুক, হাতত কোৰ-পাৱাৰ টিলাৰ লৈ পথাৰত ব্যস্ত আৰক্ষী - DSP of Namrup busy in paddy field

পিঠিত বন্দুক হাতত কোৰ আৰু পাৱাৰ টিলাৰ লৈ পথাৰত নামিল এদল আৰক্ষী ৷ নৱপ্ৰজন্মক কৃষিকৰ্মৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে এইবাৰ দেহৰক্ষীসহ পথাৰত নামিল নামৰূপৰ এজন উপ-আৰক্ষী অধীক্ষক(DSP of Namrup busy in paddy field) ।

dsp-of-namrup-busy-in-paddy-field
পিঠিত বন্দুক হাতত কোৰ-পাৱাৰ টিলাৰ লৈ পথাৰত ব্যস্ত আৰক্ষী
author img

By

Published : Jul 17, 2022, 3:12 PM IST

মৰাণ, 17 জুলাই : যি সময়ত সহজ পথেৰে ধন ঘটাৰ প্ৰতিযোগিতাত একাংশ নৱ প্ৰজন্মই ব্যস্ত হৈ পৰিছে তেনে সময়তে পিঠিত বন্দুক, হাতত কোৰ আৰু পাৱাৰ টিলাৰ লৈ পথাৰত নামিল অসম আৰক্ষীৰ এদল জোৱান ৷

নৱপ্ৰজন্মক কৃষিকৰ্মৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে এইবাৰ দেহৰক্ষীসহ পথাৰত নামিল নামৰূপৰ এজন উপ-আৰক্ষী অধীক্ষক(DSP of Namrup busy in paddy field) । তেওঁ হৈছে নামৰূপৰ উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰা । কৰ্ম ব্যস্ততাৰ মাজতো আৰক্ষী বিষয়াগৰাকী এতিয়া ব্যস্ত হৈ পৰিছে কৃষি কৰ্মত ৷

পিঠিত বন্দুক হাতত কোৰ-পাৱাৰ টিলাৰ লৈ পথাৰত ব্যস্ত আৰক্ষী

আৰক্ষী বিষয়াগৰাকীয়ে নৱ প্ৰজন্মক কৃষিৰ প্ৰতি আকৰ্ষিত কৰিবৰ বাবে এতিয়া দেহৰক্ষীসহ জয়পুৰৰ লেবাংকোলা পথাৰত হাল বোৱা আৰু ভুঁই ৰোৱাত ব্যস্ত হৈ পৰিছে ৷ আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, অসমীয়া ডেকাই খেতিৰ জৰিয়তেহে পথাৰ আৰু বজাৰ দখল কৰিব পাৰিব । কৃষি কৰ্মৰ প্ৰতি নৱ প্ৰজন্মক আকৰ্ষিত কৰিবলৈ আৰক্ষী বিষয়াগৰাকীয়ে কৰ্ম ব্যস্ততাৰ মাজতো এনেদৰে কৃষিকৰ্মত ব্যস্ত হৈ পৰা পদক্ষেপে নৱপ্ৰজন্মক কেনে প্ৰভাৱ পেলাব সেয়া সময়েহে ক'ব ৷

লগতে পঢ়ক : Silkworm rearing at Tingkhong: এড়ী-মুগা-নুনি পলু পালনেৰে স্বাৱলম্বী টিংখাঙৰ এখন গাঁৱৰ মহিলাসকল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.