ETV Bharat / state

Etv bharat ৰ বাতৰিৰ প্ৰভাৱ : ডিব্ৰুগড়ৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন দুৰ্যোগ ব্যৱস্থাপনা শাখাৰ - বুঢ়ীদিহিং নদী

ৰাজ্যত এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে খহনীয়াই ৷ খহনীয়াত ইতিমধ্যে জাহ গৈছে নৈপৰীয়া বহু ৰাইজৰ ঘৰ, ভেঁটি, মাটি । ডিব্ৰুগড় জিলাতো বুঢ়ীদিহিং নদীৰ খহনীয়াই ব্যাপক ৰূপ ধাৰণ কৰিছে ৷ এই সন্দৰ্ভত Etv bharat ত ধাৰাবাহিকভাৱে প্ৰতিবেদন প্ৰকাশৰ পাছতে বুধবাৰে ডিব্ৰুগড় জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা শাখাৰ এটা প্ৰতিনিধি দলে পৰিদৰ্শন কৰে খহনীয়াগ্ৰস্ত অঞ্চল ৷

River Bank Erosion
ETVৰ বাতৰিৰ প্ৰভাৱ : ডিব্ৰুগড় জিলাৰ গৰাখহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন দুৰ্যোগ ব্যৱস্থাপনা শাখা
author img

By

Published : Jul 22, 2021, 8:18 PM IST

মৰাণ, 22 জুলাই : ৰাজ্য চৰকাৰে খহনীয়া (River Bank Erosion) প্ৰতিৰোধৰ বাবে তৎপৰতা প্ৰদৰ্শন কৰাৰ সময়তে ডিব্ৰুগড় জিলাত বুঢ়ীদিহিং নদীয়ে ঠায়ে ঠায়ে ব্যাপক খহনীয়াৰ সৃষ্টি কৰিছে ।‌ প্ৰতিবছৰে হৈ থকা খহনীয়াত ইতিমধ্যে বুঢ়ীদিহিং নদীৰ দুই পাৰৰ বহু ৰাইজে ঘৰ, ভেঁটি, মাটি হেৰুৱাবলগাত পৰিছে । ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে খহনীয়া প্ৰতিৰোধৰ বাবে সকলো ব্যৱস্থা কৰা হ'ব বুলি ঢাক-ঢোল বজাই আহিছে যদিও ডিব্ৰুগড়ত তেনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ এই সম্পৰ্কত Etv bharat ত ধাৰাবাহিকভাৱে প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল ।

River Bank Erosion
ডিব্ৰুগড়ৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন দুৰ্যোগ ব্যৱস্থাপনা শাখাৰ

Etv bharat ত ধাৰাবাহিকভাৱে প্ৰতিবেদন প্ৰকাশৰ পাছতেই বুধবাৰে ডিব্ৰুগড় জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা শাখাৰ অতিৰিক্ত উপায়ুক্ত (Additional Deputy Commissioner) আনচুলা বসুমতাৰীৰ নেতৃত্বত জলসম্পদ বিভাগ (Water Resources Department)ৰ এটা দলে নাহৰকটীয়া সমষ্টি আৰু টিংখাং সমষ্টিৰ অন্তৰ্গত খহনীয়া অঞ্চল পৰিদৰ্শন কৰে । উক্ত দলটোৱে টিংখাং সমষ্টিৰ কলাখোৱা দেউৰী গাঁও, চৰাইহাবি গাঁও, চেঁচা নেপালী গাঁও আৰু নাহৰকটীয়া সমষ্টিৰ আমগুৰি নেপালী গাঁও, উৰিয়ামগুৰি গাঁও, কলাগড় গাঁৱৰ অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে জলসম্পদ বিভাগ (Water Resources Department)ৰ কৰ্তৃপক্ষক এই অঞ্চলত খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে । আনহাতে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে ৰাইজৰ সৈতে মত বিনিময় কৰি সমস্যাৰ বুজ লৈ শীঘ্ৰে খহনীয়া (River Bank Erosion)প্ৰতিৰোধৰ বাবে ৰাইজক আশ্বাস প্ৰদান কৰে ।

দুৰ্যোগ ব্যৱস্থাপনা শাখাৰ অতিৰিক্ত উপায়ুক্ত (Additional Deputy Commissioner)আনচুলা বসুমতাৰীয়ে খহনীয়া অঞ্চল (River Bank Erosion)পৰিদৰ্শন কৰাৰ সময়ত উপস্থিত থাকে টিংখাং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কৌস্তভ কলিতা, মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সংগীতা শৰ্মা, নাহৰকটীয়া ৰাজহ চক্ৰৰ ভাৰপ্ৰাপ্ত চক্ৰ বিষয়া চিন্ময় স্মৃতা চুতীয়া, ALRS আৰু জলসম্পদ বিভাগ (Water Resources Department)ৰ শীৰ্ষ বিষয়ববীয়াসকল ৷

লগতে পঢ়ক : আত্মসমৰ্পণৰ সম্ভাৱনা এন এল এফ বিৰ মুৰব্বী এম বাথাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.