ETV Bharat / state

Vice Chancellor of Dibrugarh University : ড৹ জিতেন হাজৰিকা হ'ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সলনি (Vice Chancellor of Dibrugarh University)৷ ড৹ জিতেন হাজৰিকা হ'ব বিশ্ববিদ্যালয়খনৰ নতুন উপাচাৰ্য ৷ আগন্তুক 4 আগষ্টত ৰাজভৱনত ৰাজ্যপালগৰাকীয়ে আনুষ্ঠানিকভাৱে বিশ্ববিদ্যালয়খনৰ নতুন উপাচাৰ্যগৰাকীক প্ৰদান কৰিব নিযুক্তি পত্ৰ ।

author img

By

Published : Jul 26, 2022, 10:44 PM IST

Vice Chancellor of Dibrugarh University
ড৹ জিতেন হাজৰিকা হ'ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য

ডিব্ৰুগড়, 26 জুলাই : সলনি হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য (Vice Chancellor of Dibrugarh University)৷ ড৹ জিতেন হাজৰিকা হ'ব ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনৰ নতুন উপাচাৰ্য (Dr Jiten Hazarika to be new Vice Chancellor of Dibrugarh University) । ড৹ হাজৰিকা আছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক । আনকি কিছুদিন ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপেও দায়িত্ব পালন কৰিছিল ড৹ হাজৰিকাই ।

তেখেতক বৰ্তমান ড৹ লীলাকান্ত নাথৰ স্থানত নিযুক্তি প্ৰদান কৰা হৈছে । অহা 4 আগষ্ট মাহত ৰাজভৱনত ৰাজ্যপালগৰাকীয়ে প্ৰদান কৰিব আনুষ্ঠানিক নিযুক্তি পত্ৰ । সেইদিনাই ৰাজ ভৱনত বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা ৰাজ্যপালে ড৹ জিতেন হাজৰিকাক কৰাব শপত বাক্য পাঠ ।

উল্লেখ্য যে, উত্তৰ পূৰ্বাঞ্চলৰ এখন আগশাৰীৰ মহাবিদ্যালয় হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয় । 1965 চনতে স্থাপন হৈছিল ডিব্ৰুগড় বিশ্ববিদ্যালয় । ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বিশ্ববিদ্যালয়খনে ।

লগতে পঢ়ক : Bhaben Baruah Award 2022 : জ্যেষ্ঠ অভিনেতা দিনেশ দাসলৈ ২০২২ বৰ্ষৰ ভৱেন বৰুৱা বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.