মৰাণ, 21 জুন : দুদিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়ত উপস্থিত হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) ৷ জিলাখনত উপস্থিত হৈয়ে উপায়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ সভাত জিলাখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বান ব্যৱস্থাপনাৰ বুজ লয় ৷

শেহতীয়াভাৱে, ক'ভিড-19ৰ টীকাকৰণৰ লগতে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত শিশুৰ বাবে বিশেষ ICU বিচনা স্থাপনৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া দেখা যায় ৷ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈ বান-সুৰক্ষাৰ কাম-কাজৰ অগ্ৰগতি সমূহৰ বিষয়ে বুজ লোৱাৰ লগতে বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা গৃহ, বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰসমূহ দ্ৰুততাৰে মেৰামতি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ইফালে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় গেছক্ৰেকাৰ প্ৰকল্প তথা ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ পলিমাৰ লিমিটেডৰ কাৰ্যালয়তো উপস্থিত হয় ৷

প্ৰকল্পটোৰ সামগ্ৰিক উৎপাদন সন্দৰ্ভত পৰ্যালোচনা কৰি বিষয়াসকলৰ সৈতে এক বৈঠকত বহে। কাৰ্যসূচী অনুসৰি, মুখ্যমন্ত্ৰী গৰাকীয়ে ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ত ক’ভিড পৰিস্থিতি আৰু বান গৰাখহনীয়া সন্দৰ্ভত পৰ্যালোচনা কৰাৰ পাচতে লেপেটকটাস্থিত প্ৰকল্পত উপস্থিত হয়। প্ৰকল্পৰ পৰিচালন সঞ্চালক ৰিপ হাজৰিকাসহ অন্যান্য বিষয়ববীয়াৰ সৈতে আলোচনাত বিগত দুটা বৰ্ষত পলিমাৰ উৎপাদন যথেষ্ট ভাল হোৱাৰ লগতে লাভজনক হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে ভটিয়নী উদ্যোগৰ ক্ষেত্ৰত বিচিপিএল কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰে ।

উল্লেখ্য যে, এই পৰ্যালোচনা তথা ভ্ৰমণসূচীত কেন্দ্ৰীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, কৃষি মন্ত্ৰী অতুল বৰা, শক্তি মন্ত্ৰী বিমল বৰা, চাহ জনজাতি কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণ, সাংসদ প্ৰদান বৰুৱাৰ লগতে বিধায়ক ক্ৰমে চক্ৰধৰ গগৈ, প্ৰশান্ত ফুকন, বিনোদ হাজৰিকা, তেৰচ গোৱালা, তৰংগ গগৈ, পোনাকণ বৰুৱা আৰু ভূৱন পেগু উপস্থিত থাকে ৷
লগতে পঢ়ক: বিচিপিএলৰ সামগ্ৰীক উৎপাদন পৰ্যবেক্ষণ মুখ্যমন্ত্ৰীৰ