ETV Bharat / state

বিদগ্ধ পণ্ডিত ড° অমৰেশ দত্তৰ দেহাৱসান - ডিব্ৰুগড় চৌকিডিঙি ৰাজহুৱা শ্মশানত

প্ৰসিদ্ধ শিক্ষাবিদ, বিদগ্ধ পণ্ডিত ডিব্ৰুগড়ৰ ড° অমৰেশ দত্তৰ বৃহস্পতিবাৰে ১০২ বছৰ বয়ষত দেহৱসান । বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক অমৰেশ দত্তৰ বিয়োগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিশিষ্ট পণ্ডিত গৰাকীৰ শেষকৃত ৰাজ্যিক মৰ্যাদাৰে ডিব্ৰুগড়ত সম্পন্ন হয় ।

dr amaresh dutta pass away at dibrugarah
বিদগ্ধ পণ্ডিত ড° অমৰেশ দত্তৰ দেহাৱসান
author img

By

Published : Aug 6, 2020, 7:50 PM IST

ডিব্ৰুগড়,6 আগষ্টঃ ড° অমৰেশ দত্তৰ বৃহস্পতিবাৰে ১০২ বছৰ বয়ষত দেহৱসান হয় ৷ দেশৰ বিশিষ্ট শিক্ষাবিদ প্ৰফেছৰ এমেৰিটাছ ড° অমৰেশ দত্ত শ্বেইক্সপীয়েৰ বিশেষজ্ঞ হিচাপে পৰিচিত আছিল । সাহিত্য অকাডেমিৰ ভাৰতীয় সাহিত্যৰ বিশ্বকোষ প্ৰণয়ন সমিতিৰ প্ৰধান সম্পাদকো আছিল তেওঁ । ২০১০ চনত কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা, ২০১৮ চনত কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় বঁটা, স্বাৰস্বৰ্ত সন্মানকে ধৰি বিভিন্ন বঁটা, বাহনৰ উপৰিও গুৱাহাটী বিশ্ববিদ্যালয়ে তেওঁক প্ৰফেছৰ 'এমেৰিটাছ' সন্মান প্ৰদান কৰিছিল । ১৯১৮ চনত জন্ম লাভ কৰা 'প্ৰফেছাৰ এমেৰিটাছ' ড০ অমৰেশ দত্তই পঞ্চাশৰ দশকত মধ্যপ্ৰদেশৰ সাগৰ বিশ্ববিদ্যালয়ত শিক্ষকতাৰ পাতনি মেলাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়তো অধ্যাপনা কৰিছিল।

বিদগ্ধ পণ্ডিত ড° অমৰেশ দত্তৰ দেহাৱসান

অধ্যাপক দত্তৰ জীৱনৰ অন্যতম কৃতি হ’ল ‘শ্বেইক্সপিয়েৰ্ছ ট্ৰেজিক ভিজন এণ্ড আৰ্ট’ নামৰ আন্তৰ্জাতিক সমাদৰ লাভ কৰা গ্ৰন্থখন। তেওঁ এন্‌চাইক্ল’পেডিয়া অব্‌ ইণ্ডিয়ান লিটাৰেচাৰৰ তিনিটা খণ্ডৰ মুখ্য সম্পাদক হিচাপেও বিশেষ কৃতিত্ব অৰ্জন কৰা লগতে কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল । শতায়ু অতিক্ৰম তথা ১০২ বছৰৰ বয়সত দেহাৱসান হোৱা পণ্ডিত দত্তৰ শেষ কৃৰ্ত ডিব্ৰুগড় চৌকিডিঙি ৰাজহুৱা শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় । শেষকৃত্য অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় উপায়ুক্ত পল্লৱগোপাল ঝা, আৰক্ষী অধীক্ষক শ্ৰী জিৎ ট্ৰী আদিকে ধৰি বহু গুণমুগ্ধ উপস্থিত থাকে ।

লগতে পঢ়কঃ বৰপেটা অসামৰিক চিকিৎসালয়ত প্ৰথম জন কৰ'ণা আক্ৰান্ত ৰোগীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.