ETV Bharat / state

22 দিনৰ অন্তত আত্মসমৰ্পন ডিব্ৰুগড়ৰ জ্যেষ্ঠ চিকিৎসক অজন্তা হাজৰিকা

ডিব্ৰুগড়ৰ জ্যেষ্ঠ চিকিৎসক অজন্তা হাজৰিকাৰ আত্মসমৰ্পন ৷ 22 দিনৰ অন্তত আত্মসমৰ্পন কৰে চিকিৎসক গৰাকীয়ে ৷

dr-ajanta-hazarika-surrendered-at-dibrugarh-who-involved-in-railway-corruption
22 দিনৰ অন্তত আত্মসমৰ্পন ডিব্ৰুগড়ৰ জ্যেষ্ঠ চিকিৎসক অজন্তা হাজৰিকা
author img

By

Published : Dec 28, 2020, 5:09 PM IST

Updated : Dec 28, 2020, 8:59 PM IST

ডিব্ৰুগড়, 28 ডিচেম্বৰ : চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা ডিব্ৰুগড়ৰ জ্যেষ্ঠ চিকিৎসক অজন্তা হাজৰিকাই সোমবাৰে আত্মসমৰ্পণ কৰে ৷ বৃহৎ ধনৰ লেনদেনৰ অভিযোগত অভিযুক্ত অসম চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ চিকিৎসক অজন্তা হাজৰিকাই 22 দিনৰ অন্তত সোমবাৰে ডিব্ৰুগড় জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত আত্মসমৰ্পণ কৰে । পৰৱৰ্তী সময়ত অভিযুক্ত চিকিৎসক অজন্তা হাজৰিকাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় ।

উল্লেখ্য যে, অমল নাথ নামৰ এজন লোকে ডিব্ৰুগড়ৰ গাভৰু পথাৰ আৰক্ষী চকীত গোচৰ ৰুজু কৰাৰ পিচতে ডিব্ৰুগড় আৰক্ষীয়ে 2150/2020U/S120(B) /406/409/420/506 IPC গোচৰত তদন্ত অব্যাহত ৰখাৰ মাজতে সোমবাৰে ডিব্ৰুগড় জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত আত্মসমৰ্পন কৰে অজন্তা হাজৰিকাই ।

ডিব্ৰুগড়ৰ নিবনুৱা যুৱক-যুৱতীৰ পৰা ৰে'লৱে আৰু অইলত নিযুক্তিৰ নামত বহু লক্ষাধিক টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছিল জ্যেষ্ঠ চিকিৎসক গৰাকীৰ বিৰুদ্ধে ৷

22 দিনৰ অন্তত আত্মসমৰ্পন ডিব্ৰুগড়ৰ জ্যেষ্ঠ চিকিৎসক অজন্তা হাজৰিকা

ইফালে, গোচৰ ৰুজু হোৱাৰ পিচৰে পৰাই অভিযুক্ত অজন্তা হাজৰিকাই আত্মগোপন কৰি আছিল ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত তদন্ত চলাই গ্ৰেপ্তাৰ কৰিব নোৱাৰ অজন্তা হাজৰিকা ডিব্ৰুগড় আৰক্ষীৰ বাবে মুৰৰ কামোৰণি হৈ পৰিছিল ৷ আনকি, পত্নীক লুকুৱাই ৰখাৰ অভিযোগত ডিব্ৰুগড় আৰক্ষীয়ে অজন্তা হাজৰিকাৰ স্বামী শ্ৰীমন্ত জ্যোতি শইকীয়াকো গ্ৰেপ্তাৰ কৰিছিল ৷ আনহাতে, তদন্তৰ পম খেদিয়ে ডিব্ৰুগড় আৰক্ষীয়ে অজন্তা হাজৰিকা আৰু শ্ৰীমন্ত জ্যোতি শইকীয়াৰ পাচটাকৈ বেংক একাউন্ট বন্ধ কৰি দিয়াৰ বাবে অৰ্থ সংকটত ভুগিছিল চিকিৎসক গৰাকী ৷

লগতে পঢ়ক : চোলেইমানিৰ সন্দেহজনক হত্যাকাৰীৰ তালিকাত আমেৰিকানৰ সংখ্যা বৃদ্ধি

Last Updated : Dec 28, 2020, 8:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.