ETV Bharat / state

ড৹ অজন্তা বৰগোহাঁই ৰাজকোঁৱৰক অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব - ডিব্ৰুগড় বিশ্ববিদ্যালয়

অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্ত লাভ কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জেষ্ঠ্যা অধ্যাপিকা ড৹ অজন্তা বৰগোহাঁই ৰাজকোঁৱৰে ৷

dr-ajanta-borgohain-rajkonwar-has-been-appointed-vice-chancellor-of-assam-womens-university
ড৹ অজন্তা বৰগোহাঁই ৰাজকোঁৱৰক অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব
author img

By

Published : Aug 20, 2021, 9:28 PM IST

ডিব্ৰুগড়,20 আগষ্ট: অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি লাভ কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয় (Dibrugarh University)ৰ ড৹ অজন্তা বৰগোহাঁই ৰাজকোঁৱৰে । বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ জেষ্ঠ্যা অধ্যাপিকা তথা স্কুল অৱ কৰ্মাচ এণ্ড মেনেজমেন্টৰ প্ৰাক্তন ডীন আছিল ড৹ অজন্তা বৰগোঁহাই ৰাজকোঁৱৰ ।

ডিব্ৰুগড়ৰ মিলন নগৰৰ নিৰ্বাসী উৎপল ৰাজকোঁৱৰৰ পত্নী ড৹ অজন্তা বৰগোঁহাই ৰাজকোঁৱৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চেন্টাৰ ফ’ৰ মেনেজমেন্ট ষ্টাডিজৰ প্ৰাক্তন চেয়াৰপাৰ্চন হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৷ ইয়াৰ উপৰিও UK, USA আৰু CANADA, এই তিনিখন ৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় গৱেষণাৰ সতে জড়িত থকাৰ লগতে ইউজিচি কমিটি (UGC COMMITTEE), নাক (National Assessment and Accreditation Council)ৰ সদস্যও আছিল তেওঁ ।

ড৹ অজন্তা বৰগোহাঁই ৰাজকোঁৱৰক অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব

লগতে পঢ়কঃ কুকুৰো বাচি নগ’ল এইবাৰ তেওঁলোকৰ পৰা..

একেদৰে বিভিন্ন গ্ৰন্ঠৰ প্ৰনেতা, বিশেষজ্ঞ তথা সমল ব্যক্তি হিচাপে ইউনিভাৰচিটি অৱ নিউ ইংলেণ্ড (University of New England)লৈও নিমন্ত্ৰণ লাভ কৰিছে ড৹ অজন্তা বৰগোহাঁই ৰাজকোঁৱৰে ৷ তাৰ সমান্তৰালকৈ ১৮ গৰাকী পিএইচ ডি (Doctor of Philosophy) আৰু ১৭ গৰাকী এম ফিল স্কলাৰ (M.Phil Scholar) ড৹ অজন্তা বৰগোঁহাই ৰাজকোঁৱৰৰ তত্বাবধানত ইতিমধ্যে ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে ।

আনহাতে জেষ্ঠ্য অধ্যাপিকা গৰাকীয়ে উপাচাৰ্য হিচাপে যোগদান কৰাৰ পৰা পাঁচ বছৰৰ বাবে কাৰ্যনিবাহ কৰিব বুলি ৰাজভৱনৰ এক নিৰ্দেশনা যোগে প্ৰকাশ কৰা হৈছে । সম্প্ৰতি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয় খনে ড৹ অজন্তা বৰগোহাঁই ৰাজকোঁৱৰৰ নেতৃত্বত এক নতুন গতি লাভ কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়কঃ শনিবাৰৰ পৰা আৰম্ভ হ'ব সোণোৱালৰ তিনিদিনীয়া "জন আশীৰ্বাদ যাত্ৰা"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.