মৰাণ,22অক্টোবৰঃ ক’ৰণা আতংকৰ মাজতে ৰাজ্যত আৰম্ভ হৈছে শাৰদীয় দুৰ্গা পূজা। শাৰদীয় দুৰ্গা পূজা উপলক্ষে আজি ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই এক নিদেৰ্শনাৰ জৰিয়তে জিলাখনত ২৬ অক্টোবৰ অৰ্থাৎ বিজয়া দশমীৰ দেৱী বিৰ্সজনৰ কাৰ্যসূচী সম্পন্ন নোহোৱা পৰ্যন্ত ড্ৰাই ডে হিচাপে ঘোষণা কৰিছে ।
![District commissioner of Dibrugarh announced dry day in Dibrugarh during durga puja](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8015-districtcommissionerofdibrugarhannounceddrydayindibrugarhduringdurgapuja-as10031_22102020173117_2210f_1603368077_942.jpg)
নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি সকলো বিদেশী সুৰা, দেশীয় সুৰা, দেশীয় সুৰাৰ খুচুৰা বিক্ৰেতা প্ৰতিষ্ঠান আৰু সুৰা বিক্ৰীৰ লগত জড়িত আন সকলো প্ৰতিষ্ঠান সম্পূৰ্ণকৈ বন্ধ থাকিব । এই নিৰ্দেশনা ভংগ কৰিলে অসম আৱকাৰী আইনৰ অধীনত সেই সকলৰ বিৰূদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকিয়াই দিয়ে ।
লগতে পঢ়কঃ স্বাস্থ্যবিধি মানি গোলাঘাটত অনুষ্টুপীয়াকৈ দুৰ্গা পূজাৰ আয়োজন