ETV Bharat / state

অসমত হ্ৰাস পাইছে প্ৰাথমিক ৰোগীৰ সংখ্যা - Disease reduce at Assam

কৰ'ণা মহামাৰীয়ে সন্ত্ৰাস চলোৱা এই সময়খিনিত লক্ষ্যণীয় ভাৱে কমি গৈছে মানুহৰ কেতবোৰ বিশেষ ৰোগ । বিশেষকৈ বাৰিষা অহাৰ লগে লগে ৰাজ্যত মাৰাত্মক ৰূপ ধাৰণ কৰা জ্বৰ,কাহ,ডিচেন্টেৰী,ডায়েৰীয়া আদিৰ লগতে পানীৰ পৰা সৃষ্টি হোৱা অধিকাংশ সংক্ৰামিত ৰোগৰ সংখ্যা এইবাৰ কমি আহিছে ৷

Disease reduce at Assam due to lockdown period
অসমৰ হ্ৰাস পাইছে প্ৰাথমিক ৰোগীৰ সংখ্যা
author img

By

Published : Apr 26, 2020, 8:41 PM IST

ডিব্ৰুগড়,26 এপ্ৰিল: বিশ্বজুৰি অব্যাহত আছে কৰ'ণা ভাইৰাছৰ সন্ত্ৰাস ৷ কিন্তু অসমৰ বাবে এক সু-খবৰ কঢ়িয়াই আনিছে এই মহামাৰী ভাইৰাছে । প্ৰকৃততে কৰ'ণা মহামাৰীৰ বাবে সমগ্ৰ বিশ্বৰ স্বাভাৱিক জনজীৱন স্থৱিৰ হৈ পৰাৰ সমান্তৰালকৈ এই ভাইৰাছৰ পৰা ৰক্ষা পৰাৰ বাবে সাৱধানতা অৱলম্বন কৰিছে অসমৰ সকলো লোকে ৷ ইয়াৰ ফলত তুলনামূলক ভাৱে বহু পৰিমাণে হ্ৰাস পাইছে আন কিছুমান মাৰাত্মক ৰূপ ধাৰণ কৰা ৰোগ ৷ এনে বহু গুৰুত্বপূৰ্ণ তথ্য জনালে ডিব্ৰুগড়ৰ ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক তথা ভাৰতীয় স্বাস্থ্য গৱেষণা সংস্থাৰ সৈতে জড়িত হৈ থকা ডাঃ নৱজ্যোতি গগৈয়ে ৷

অসমৰ হ্ৰাস পাইছে প্ৰাথমিক ৰোগীৰ সংখ্যা

চিকিৎসক গৰাকীয়ে জনোৱা অনুসৰি,কৰ'ণা মহামাৰীয়ে সন্ত্ৰাস চলোৱা এই সময়খিনিত লক্ষ্যণীয় ভাৱে কমি গৈছে মানুহৰ কেতবোৰ বিশেষ ৰোগ। বিশেষকৈ বাৰিষা অহাৰ লগে লগে ৰাজ্যত মাৰাত্মক ৰূপ ধাৰণ কৰা জ্বৰ,কাহ,ডিচেন্টেৰী,ডায়েৰীয়া আদিৰ লগতে পানীৰ পৰা সৃষ্টি হোৱা অধিকাংশ সংক্ৰমিত ৰোগৰ সংখ্যা এইবাৰ কমি আহিছে ৷ আনকি যক্ষ্মা আদিৰ দৰে ৰোগ সংক্ৰমণৰ সংখ্যাও কমি গৈছে বুলি প্ৰকাশ কৰিছে চিকিৎসক গৰাকীয়ে ৷ বিষয়া জনে সদৰী কৰা মতে এইয়া হৈছে কৰ'ণাৰ আন এটা লক্ষ্যণীয় দিশ। প্ৰকৃততে কৰ'ণাৰ বাবে বাধ্যতামূলক বা সচেতনতামূলক সজাগতা বৃদ্ধি পোৱাৰ বাবেই আন বৰ্ষৰ তুলনাত এই বৰ্ষত কমি আহিছে প্ৰতিবছৰে দেখা দিয়া এনে কেতবোৰ ৰোগৰ ৰোগীৰ সংখ্যা ৷

লগতে পঢ়কঃ গাহৰি মাংস বন্ধৰ ফলত ক্ষতিগ্ৰস্ত হ'ব আঠ লাখ গাহৰি পালক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.