ETV Bharat / state

বিশেষভাৱে সক্ষম লোকৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনৰ বিশেষ ব্যৱস্থা - সমাজ কল্যাণ বিভাগ

ডিব্ৰুগড়ত ৭৪৭ গৰাকী বিশেষভাৱে সক্ষম লোকে লাভ কৰিব মাহেকীয়া পেঞ্চন ৷ বিশেষভাৱে সক্ষম লোকসকলক বিকলাংগৰ পৰিচয় পত্ৰ (UDID) প্ৰদান ব্যৱস্থা কৰিছে ডিব্ৰুগড় প্ৰশাসনে ৷

differently abled people of Dibrugarh will get monthly pension
বিশেষভাৱে সক্ষম লোকৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনৰ বিশেষ ব্যৱস্থা
author img

By

Published : Jul 17, 2021, 7:40 AM IST

মৰাণ, 17 জুলাই : বিশেষভাৱে সক্ষম (differently abled) লোকসকলৰ বাবে অসম চৰকাৰে সমাজ কল্যাণ বিভাগ(social welfare department) ৰ অধীনত " দীন দয়াল দিব্যাংগ পেঞ্চন আঁচনি (deen dayal divyangjan sahajya scheme)আঁচনি আৰম্ভ কৰিছে ৷ এই আঁচনিৰ জৰিয়তে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । এই হিতাধিকাৰী আঁচনিখনৰ যোগেদি ৰাজ্যৰ বিশেষভাৱে সক্ষম লোকসকলৰ স্বাস্থ্যৰ যত্ন ল'ব পৰাকৈ মাহেকীয়া পেঞ্চন প্ৰদান কৰা হয় ।

differently abled people of Dibrugarh will get monthly pension
ডিব্ৰুগড় জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ

ইফালে, ৰাজ্য চৰকাৰে আৰম্ভ কৰা এই আচঁনিৰ সঠিক ৰূপায়ণৰ বাবে এতিয়া তৎপৰ হৈ পৰিছে ডিব্ৰুগড় জিলা প্ৰশাসন । এই আঁচনিৰ সংক্ৰান্তত জিলাভিত্তিক নিৰ্বাচন কমিটীয়ে বৃহস্পতিবাৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ (deputy commissioners office Dibrugarh)ৰ সভাকক্ষত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা(DC Pallav gopal Jha)ৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰে ৷ এই সভাত ডিব্ৰুগড় জিলাৰ মুঠ ৭৪৭ জন হিতাধিকাৰী(beneficiary)ৰ এখন তালিকা প্ৰস্তুত কৰা হয় ৷

ইয়াৰ উপৰিও উক্ত সভাত প্ৰধানকৈ এই বিশেষভাৱে সক্ষম লোকসকলক একক বিকলাংগৰ পৰিচয় পত্ৰ (UDID) প্ৰদান কৰাৰ ওপৰত গুৰুত্ব দিয়া হয় ৷

যিসকল লোকক একক পৰিচয় পত্ৰ এতিয়াও প্ৰদান কৰা নাই হোৱা, তেনে ব্যক্তি সকলকো অতিশীঘ্ৰে এই পত্ৰ প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হয় । উক্ত সভাত সমাজ কল্যাণ বিভাগৰ অতিৰিক্ত উপায়ুক্ত শান্তনা বৰা, সহকাৰী আয়ুক্ত হেমা নায়ক, জিলা সমাজ কল্যাণ বিষয়া আৰু জিলাৰ বিধায়ক সকলৰ প্ৰতিনিধিসকলো উপস্থিত থাকে । চৰকাৰ তথা জিলা প্ৰশাসনৰ এনে প্ৰচেষ্টাৰ এতিয়া শলাগ লৈছে সচেতন মহলে ৷

লগতে পঢ়ক : অৰুণোদয় আঁচনিৰ বাবে অজন্তা নেওগৰ বাজেটত ১৮০০ কোটি ধাৰ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.