ETV Bharat / state

ডিকমৰ মটক বাগিছাত অব্যাহত উত্তেজনা: গাঁত খান্দি উলিয়ালে সৎকাৰ কৰা শিশুক - ডিব্ৰুগড়

দোষী চিকিৎসকক উচিত শাস্তিৰ দাবীত লাহোৱাল আৰক্ষী থানা আৰু মটক চাহ বাগিচাৰ হাস্পাতাল ঘেৰাও কৰি পৰিবেশ উত্তাল কৰি তোলে স্থানীয় লোকে ।

Didrugarh child death story
ডিকমৰ মটক বাগিছাত অব্যাহত উত্তেজনা: গাঁত খান্দি উলিয়ালে সৎকাৰ কৰা শিশুক
author img

By

Published : Nov 10, 2020, 8:39 PM IST

ডিব্ৰুগড়, 10 নৱেম্বৰ: মটক বাগিছাত দেওবাৰে এটা শিশুৰ মৃত্যুক লৈ মঙলবাৰেও উত্তপ্ত হৈ আছে ডিব্ৰুগড়ৰ লাহোৱাল । মঙলবাৰে আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত খান্দি উলিয়াই দেৱশিশুটোৰ মৃতদেহ । দুদিন পূৰ্বে এজন স্বয়ম্ভূ চিকিৎসকে মৃত ঘোষণা কৰিছিল এই দেৱশিশুটোক । কিন্তু প্ৰায় চাৰিঘণ্টা মৃত বুলি পেলাই ৰখাৰ পাছত ৰীতি নীতি অনুসৰি শিশুটোৰ মৃতদেহ সৎকাৰ কৰাৰ সময়তে পুনৰ জীৱিত বুলি প্ৰমাণ হোৱাত উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ কিন্তু ইতিপূৰ্বে মৃত্যু হৈছিল শিশুটোৰ । ইয়াৰ পাছতেই উতপ্ত হৈছিল ডিব্ৰুগড় লাহোৱালৰ মটক চাহবাগিচা । দোষী চিকিৎসকক উচিত শাস্তিৰ দাবীত লাহোৱাল আৰক্ষী থানা আৰু মটক চাহ বাগিচাৰ হাস্পাতাল ঘেৰাও কৰি পৰিবেশ উত্তাল কৰি তোলে স্থানীয় লোকে ।

ডিকমৰ মটক বাগিছাত অব্যাহত উত্তেজনা: গাঁত খান্দি উলিয়ালে সৎকাৰ কৰা শিশুক

পাপু মূড়া আৰু নিহা মূড়াৰ একমাত্ৰ দুমহীয়া পুত্ৰ পূৰৱ মূড়াৰ ৮ নৱেম্বৰত মাতৃদুগ্ধ পান কৰাৰ সময়ত মুখেৰে গাখীৰ ওলাই আহিছিল । পৰিয়ালৰ লোকে লগে লগে শিশুটোক মটক চাহ বাগিচাৰ হাস্পাতাললৈ লৈ গৈছিল । কিন্তু উক্ত সময়ত বাগানৰ চিকিৎসালয়ত চিকিৎসক নথকাত চিকিৎসালয়ৰ কম্পাউণ্ডাৰ গৌতম মিত্ৰই শিশুটো পৰীক্ষা কৰি মৃত ঘোষণা কৰে । সেই পৰিয়ালৰ লোকে শিশুটোক নিজ গৃহলৈ আনি প্ৰায় চাৰি ঘণ্টা পাছত নীতি নিয়ম অনুসৰি সৎকাৰ কৰিবলৈ লোৱা সময়তে শিশুটো জীৱিত হোৱাৰ কথা জানিব পাৰে ৷ সকলোকে আচৰিত কৰি শিশুটোক মাতৃয়ে দুগ্ধপান কৰাই পুনৰ মটক চাহ বাগিচালৈ নিয়াত নাৰ্চে পৰীক্ষা কৰি তাৎক্ষণিকভাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ পৰামৰ্শ দিয়ে ৷ কিন্তু মহাবিদ্যালয়খন পোৱা পূৰ্বেই মৃত্যু হয় শিশুটোৰ । ইয়াৰ পাছতেই মটক চাহ বাগিচাৰ হাস্পাতাল কৰ্তৃপক্ষৰ কৰ্মকাণ্ডৰ বিৰুদ্ধে উত্তপ্ত হৈ পৰে লাহোৱাল‌ । উক্ত ঘটনা সন্দৰ্ভত বাতৰি পৰিবেশন হোৱা পাছত সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দোষী কম্পাউণ্ডাৰ গৌতম মিত্ৰক । আনহাতে মঙলবাৰে আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত শিশুটোৰ মৃতদেহ খান্দি উলিয়াই অসম চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষা কৰে ।

লগতে পঢ়ক: অসম গণ পৰিষদত যোগদান কৰিলে ড° পৰমানন্দ ৰাজবংশীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.