ডিব্ৰুগড়,26 এপ্ৰিল: অসমবাসীৰ বাবে এক সু-খবৰ ৷ টপ গ'ল্ডৰ সন্মানেৰে শ্ৰেষ্ঠ ফটোগ্ৰাফীৰ স্বীকৃতি লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ডিব্ৰুগড়ৰ বিশিষ্ট আলোকচিত্ৰ শিল্পী তথা অসমীয়া প্ৰতিদিন কাকতৰ ডিব্ৰুগড়ৰৰ জ্যেষ্ঠ ফটো সাংবাদিক সৌৰভ দুৱৰাই ৷

বিশ্বৰ অন্যতম পুৰণি ফটোগ্ৰাফীৰ সংগঠন FIAP অৰ্থাৎ Federation International de I'Art Photographique ৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত ইটালীৰ Foto Arte য়ে আয়োজন কৰা ফটোগ্ৰাফীৰ প্ৰতিযোগিতাত বিশ্ব মানৰ ফটোৰে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ টপ গ'ল্ডৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড়ৰ জ্যেষ্ঠ ফটো সাংবাদিক সৌৰভ দুৱৰাই ৷

ইটালীৰ Foto Arte শীৰ্ষক ইণ্টাৰনেশ্যনেল ফটোগ্ৰাফ এক্সিভিচনৰ ই-মেগাজিনত সংকলিত হৈছে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল শ্ৰেষ্ঠ 98 খন আলোকচিত্ৰই । তাৰে ভিতৰত অন্যতম হৈছে সৌৰভ দুৱৰাৰ আলোকচিত্ৰ খন ।
লগতে পঢ়ক: হোম আইছ'লেছন কিটত নাই অক্সিমিটাৰ: স্বাস্থ্য বিভাগক সমালোচনা