ডিব্ৰুগড়, 6 ডিচেম্বৰঃ ডিব্ৰুগড়ত শুক্ৰবাৰে মানৱতাক জোঁকাৰি যোৱা এক জঘন্য কাণ্ড সংঘটিত হয় । কোনো অজ্ঞাত লোকে শোৱাপাটীৰ পৰা উঠাই নি 27 দিনীয়া নৱজাতক এটিক হত্যা কৰে । পিছত মৃত শিশুটি শৌচাগাৰ টেংকিৰ পৰা উদ্ধাৰ কৰা হয় ৷ এই জঘন্য ঘটনাটো সংঘটিত হৈছে ডিব্ৰুগড়ৰ গাভৰু পথাৰ আৰক্ষী চকীৰ অন্তৰ্গত চাউলখোৱাত । ঘটনাৰ বিৱৰণী মতে, শুক্ৰবাৰে চাউলখোৱাৰ ঘৰবন্দী চুকৰ ছাজিদুল আলী আৰু মজিদুন নিছাৰ নৱজাতক কন্যাসন্তান মাহিৰা বেগমৰ মৃতদেহ ৰহস্যজনকভাৱে চুবুৰীয়াৰ শৌচালয়ৰ গাঁতৰ পৰা উদ্ধাৰ হয় ।
ঘটনা সন্দৰ্ভত শিশুটিৰ মাতৃ মজিদুন নিছাই কয় যে, নিশা প্ৰায় এক বজাত স্বামী ছাজিদুল আলী প্ৰস্ৰাৱগাৰৰ পৰা আহি শুই পৰাৰ পাছত ঘটনাতো সংঘটিত হয় ৷ পুৱতি নিশা হঠাৎ শিশুটিৰ মাতৃক কোনো ক'লা কাপোৰ পিন্ধা লোকে হেঁচা মাৰি ধৰা বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰে ৷ স্বামীয়ে নিছাৰ কাষত সন্তানটি দেখা নাপায় বিচাৰ-খোঁচাৰ কৰে যদিও কোনো শু-সূত্ৰ নাপায় ৷ পুৱাৰ ভাগত এই বিষয়ে আৰক্ষীক গোচৰ দিয়াত আৰক্ষীয়ে তদন্ত কৰি চুবুৰীয়াৰ শৌচালয়ৰ গাঁতৰ পৰা শিশুটিৰ মৃতদেহটো উদ্ধাৰ কৰে ৷ সমগ্ৰ ঘটনাতো সম্প্ৰতি ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে কোনো লোকক আটক কৰা নাই ৷
লগতে চাওকঃনিৰ্ভয়া কাণ্ডঃ অভিযুক্তৰ ক্ষমা আবেদনৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ পক্ষত দেশৰ গৃহ মন্ত্ৰণালয়