ETV Bharat / state

ডিব্ৰুগড়লৈ ভাবুকি: বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ - ডিব্ৰুগড় চহৰ

ডিব্ৰুগড় চহৰলৈ ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ৷ সম্প্ৰতি বিপদসীমাৰ ওপৰেৰে ব্ৰহ্মপুত্ৰ নদী বোৱাৰ ফলত আতংকিত হৈ পৰিছে চহৰখনৰ জন সাধাৰণ ৷ সম্প্ৰতি চহৰখনৰ সমীপেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ পানীয়ে 105.70 ৰ বিপৰীতে 105.73 মিটাৰ ওপৰেৰে বৈছে ।

Dibrugarh town is in danger zone due to flood assam etv bharat news
বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ
author img

By

Published : Jul 10, 2020, 8:31 PM IST

ডিব্ৰুগড়,10 জুলাই: পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰ নদীয়ে ৷ শুকুৰবাৰে দিনৰ ভাগৰ পৰা বিপদসীমাৰ ওপৰেৰে ফেনে-ফোটোকাৰে বাঢ়ি অহা ব্ৰহ্মপুত্ৰৰ পানীয়ে ইতিমধ্যে ডিব্ৰুগড় চহৰলৈ ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে ৷ চহৰখনৰ মাইজানৰ পৰা বগীবিললৈ প্ৰায় 10 কিল’মিটাৰ অঞ্চল বাঢ়নী পানীয়ে প্লাৱিত কৰাৰ ফলত আতংকিত হৈ পৰিছে জন সাধাৰণ । ইতিমধ্যে শতাধিক গৃহ পানীত বুৰ যোৱাৰ লগতে ডিব্ৰুগড় চহৰৰ দাঁতি কাষৰীয়া কেইবাঠাইতো ওফন্দি উঠিছে ব্ৰহ্মপুত্ৰ ।

বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ

উল্লেখ্যে যে,চহৰখনৰ মোহনাঘাটৰ সমীপৰ ভঙা আলি অঞ্চলৰ প্ৰায় 15 টাকৈ স্থানত ভয়াৱহভাৱে ওফন্দি উঠিছে নদীখন ৷ ফলত তীব্ৰ আতংকৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ মাজত । লগতে নিশাৰ ভাগলৈ পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি বিভাগীয় কৰ্তৃপক্ষই পানীৰ বুৰ ওলোৱা স্থানত কেইটামান বালিৰ বস্তাৰে ঢাকি দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ সম্প্ৰতি চহৰখনৰ সমীপেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ পানীয়ে 105.70 ৰ বিপৰীতে 105.73 মিটাৰ ওপৰেৰে বৈছে । যিকোনো মুহুৰ্ততে পৰিস্থিতি শোচনীয় হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে যদিও বিষয়টো সম্পৰ্কে এই পৰ্যন্ত খবৰ নাই বিধায়ক প্ৰশান্ত ফুকনৰ ৷

লগতে চাওকঃ মুকালমুৱাৰ দুই পৃথক স্থানত চুৰিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.