ডিব্ৰুগড়,19 নৱেম্বৰঃ গোলাঘাট,বাক্সা,ওদালগুৰি,গোৱালপাৰাৰ পিচত ডিব্ৰুগড়তো সমান্তৰালভাৱে অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস ৷ মঙলবাৰে ডিব্ৰুগড়ৰ চৰাইপুঙত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় এজন লোক। দুলীয়াজানৰ দাঁতি কাষৰীয়া অঞ্চল ভাদৈ পাচআলিৰ চৰাইপুঙত বনৰীয়া হাতীৰ আক্ৰমণত থিতাতে মৃত্যুক সাবটি লয় ৰমেশ চাওতাল নামৰ এজন লোকে। অসমৰ সম্পদশীল অৰণ্য হিচাপে পৰিচিত দিহিংপাটকাইত অৱস্থিত চৰাইপুঙত সংঘটিত হৈছে এই ঘটনা।
উল্লেখ্য যে ৰমেশ চাওতালে তেখেতৰ পত্নীৰ লগত হাবিলৈ খৰি আনিবলৈ যাওতে বনৰীয়া হাতীয়ে আক্ৰমণ কৰাৰ ফলত লোক জনৰ মৃত্যু হয়। স্থানীয় ৰাইজৰ অভিযোগ বহুদিন ধৰি অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰৱ চলি আহিছে এই ক্ষেত্রত বন বিভাগক বাৰম্বাৰ জনাই আহিছে যদিও সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বনবিভাগে ৷ ৰাইজৰ দাবী শীঘ্ৰেই যদি বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰা নহয় তেনেহ'লে হস্তী মানৱৰ সংঘাতে ভয়ংকৰ ৰূপ ল'ব অনাগত দিনত ৷
লগতে পঢ়কঃএকবিংশ শতিকাত গছৰ ওপৰত জীৱন পাৰ কৰা এহাল দম্পতীৰ কথাৰে