ETV Bharat / state

Binit Bagaria Suicide case : ডিব্ৰুগড় থানাৰ OC ক বদলি

author img

By

Published : Jul 11, 2022, 7:27 PM IST

বিনীত বাগাৰীয়াৰ আত্মহত্যাৰ (Binit Bagaria suicide case) পাছতে ডিব্ৰুগড় থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভোলাৰাম টেৰাঙক বদলি (Dibrugarh Police Station OC transfared) । উল্লেখ্য, আৰক্ষীৰ ওচৰত ন্যায় নাপাই ডিব্ৰুগড়ৰ পশুপ্ৰেমী বিনীত বাগাৰীয়াই আত্মহত্যা কৰে ।

binit
binit

মৰাণ, ১১ জুলাই : বিনীত বাগাৰীয়াৰ আত্মহত্যাৰ (Binit Bagaria suicide case) পাছতে ডিব্ৰুগড় থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভোলাৰাম টেৰাঙক বদলি (Dibrugarh Police Station OC transfered) । উল্লেখ্য, আৰক্ষীৰ ওচৰত ন্যায় নাপাই ডিব্ৰুগড়ৰ পশুপ্ৰেমী বিনীত বাগাৰীয়াই আত্মহত্যা কৰে । উক্ত ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰাৰ পাছতে আজি ডিব্ৰুগড় থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভোলাৰাম টেৰাঙক শাস্তিমূলক বদলি কৰে গৃহ বিভাগে ।

তেওঁৰ ঠাইত ডিব্ৰুগড় সদৰৰ নতুন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে নিযুক্তি দিয়ে যোৰহাটৰ ৰাজু ছেত্ৰীক । উল্লেখ্য, দুদিন পূৰ্বে ডিব্ৰুগড়ৰ বিনীত বাগাৰীয়াৰ বাসগৃহত উপস্থিত হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (Chief Minister Himanta Biswa Sarma visited Dibrugarh) । মুখ্যমন্ত্ৰী গৈ বাগাৰীয়াৰ ঘৰত উপস্থিত হোৱাৰ পাছতে যেন তৎপৰ হয় আৰক্ষী ।

আনহাতে, বহুদিন পূৰ্বে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক তথা ডিব্ৰুগড়ৰ সদৰ থানাত বিনীত বাগাৰীয়াৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছিল । কিন্তু তাৰ পাছতো বিনীত বাগাৰীয়াৰ লগতে তেওঁৰ পৰিয়ালৰ কথাত কোনো গুৰুত্ব আৰোপ কৰা নাছিল ডিব্ৰুগড় আৰক্ষীয়ে । ফলত নিৰাপত্তাহীনতাত ভুগি বিনীত বাগাৰীয়াই আত্মহত্যা কৰাৰ অভিযোগ । ইয়াৰ পিছতেই দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে ডিব্ৰুগড়ৰ ৰাইজে ।

ৰাইজৰ প্ৰতিবাদক নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে গৃহ বিভাগে ডিব্ৰুগড়ৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভোলাৰাম টেৰাঙক বদলি কৰে । কিন্তু তাৰ পিছতে পুনৰ ৰাইজৰ মনত প্ৰশ্ন উত্থাপন হৈছে, কেৱল সদৰ থানাৰ আৰক্ষী বিষয়াগৰাকীৰে ভুল আছিল নেকি ? কিয় আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই বিষয়টোত একো গুৰুত্ব দিয়া নাছিল ? মৃত্যুৰ ভাবুকিৰ দিয়া ফোন ৰেকৰ্ডিং বিনীত বাগাৰীয়া পৰিয়ালে আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰক দিয়াৰ পাছতো বিষয়টোত গুৰুত্ব নিদিয়াত এই ঘটনা সংঘটিত হোৱা বুলি মুখ্যমন্ত্ৰীক বিনীত বাগাৰীয়াৰ পৰিয়ালে অভিযোগ দিছিল ।

ইতিমধ্যে ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী অধীক্ষকগৰাকীক ধমক প্ৰদান কৰে । অৱশ্যে কেৱল সদৰ থানাৰ বিষয়াগৰাকীক বদলি কৰিয়েই দায়িত্ব সামৰিব নে তদন্ত আৰু আগবাঢ়িব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Assam youth missing: কৰ্মৰ সন্ধান বিচাৰি গৈ সন্ধানহীন হ’ল লখিমপুৰৰ দেৱজ্যোতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.