মৰাণ, 27 এপ্ৰিল: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণসূচীৰ সন্দৰ্ভত ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ত উপায়ুক্ত বিশ্বজিৎ পেগু আৰু আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰাৰ সংবাদমেল । বুধবাৰে বিয়লি তিনি বজাত অসম চিকিৎসা মহাবিদ্যালয়ৰ কেঞ্চাৰ কেন্দ্ৰ পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে (PM Modi to visit AMCH)। ইয়াৰ পাছতে খনিকৰত হ'বলগীয়া বিশাল জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে (PM Narendra Modi's Dibrugarh visit)। প্ৰধানমন্ত্ৰীৰ আগমণক লৈ গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ।
যান-জঁট নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিছে প্ৰশাসনে । তদুপৰি সভাস্থলীলৈ আহিবলৈ তিনি হাজাৰ বাহনৰো ব্যৱস্থা কৰা হৈছে । চৰকাৰৰ তৰফৰপৰা বৃহস্পতিবাৰে ডিব্ৰুগড় জিলা বন্ধ ঘোষণা কৰাৰ লগতে বুধবাৰৰ পৰা বৃহস্পতিবাৰৰ সন্ধিয়ালৈকে মাটি, বালি কঢ়িওৱা গধুৰ যান-বাহনসমূহ বন্ধ কৰা হৈছে । আনহাতে, মোদীৰ জনসভালৈ আহিবলগীয়া ৰাইজৰ বাবে যান-বাহনৰ ক্ষেত্ৰত কিছু পথ নিৰ্দেশনা প্ৰেৰণ কৰিছে । মানকটা পথেৰে খনিকৰৰ মোদীৰ জনসভালৈ আহিলে মানকটা পূজা ফিল্ডত গাড়ী পাৰ্কিং কৰি খোজকাঢ়ি যাব লাগিব (Guideline during PM Modi's Dibrugarh visit)।
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ফুলবাগান হৈ আহিলে বানীপুৰ খেলপথাৰত গাড়ী পাৰ্কিং কৰি যাব লাগিব । টিংখাং আৰু নাহৰকটীয়াৰ পৰা আহিলে ঠাকুৰথান জাবৰ প্ৰকল্পৰ কাষৰ খেলপথাৰত গাডী পাৰ্কিং কৰি যাব লাগিব । লাহোৱাল আৰু দুলীয়াজানৰ ফালৰ পৰা আহিলে চাংমাই গাঁৱৰ পৰা বকুল তিনিআলিত গাড়ী পাৰ্কিং কৰিব লাগিব । আনহাতে শদিয়া আৰু তিনিচুকীয়া জিলাৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বকুল বাইপাছেৰে আহিলে বকপোৰা খেলপথাৰত গাড়ী পাৰ্কিং কৰিব লাগিব ।
মৰাণ, শিৱসাগৰ, চৰাইদেউৰ পৰা বাইপাছেৰে আহিলে দুলীয়া জিকাবাৰীত যাত্ৰীসকলক নমাই ৰামেশ্বৰ ফিল্ডত গাডী পাৰ্কিং কৰিব লাগিব আৰু ধেমাজি, লক্ষীমপুৰ জিলাৰ পৰা বগীবিল হৈ আহিলে দানীজান তিনিআলিত যাত্ৰীসকলক নমাই দুলীয়া জিকাবাৰীত গাড়ী পাৰ্কিং কৰিবৰ বাবে প্ৰশাসনৰ তৰফৰপৰা পৰা ব্যৱস্থা কৰা হৈছে ।
লগতে পঢ়ক: PM Modi's Assam visit : শ শ বাছেৰে ভৰি পৰিছে মৰাণ আৰু টিংখাং সমষ্টি