ETV Bharat / state

পূৰ্বৰ পৰা খাপ পিতি থকা ঘাটকে হত্যা কৰিছিল ওম প্ৰকাশ আগৰৱালাক

author img

By

Published : Nov 25, 2019, 4:48 PM IST

এটা আটা মিলৰ মুখ্য কৰ্মচাৰী ওম প্ৰকাশ আগৰৱালাক বিগত 19 নৱেম্বৰৰ সন্ধিয়া ডিব্ৰুগড় চহৰত হত্যা কৰি থৈ যায় দুবৃত্তই ৷ ঘটনা সন্দৰ্ভত বৰ্তমানলৈ আটক কৰা হৈছে 24 জনকৈ লোকক ৷

পূৰ্বৰ পৰা খাপ পিতি থকা ঘাটকে হত্যা কৰিছিল ওম প্ৰকাশ আগৰৱালাক

ডিব্ৰুগড়, 25 নৱেম্বৰঃ বিগত 19 নৱেম্বৰৰ সন্ধিয়া ডিব্ৰুগড় চহৰত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ এটা আটা মিলৰ মুখ্য কৰ্মচাৰী ওম প্ৰকাশ আগৰৱালাক দুবৃত্তই পথতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ লগতে গুলিয়াই হত্যা কৰে ৷ ইতিমধ্যে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক গৌতম বৰাৰ লগতে কেইবাজনো জেষ্ঠ আৰক্ষীৰ তৎপৰতাত তীব্ৰ গতিত আগবাঢ়িছে তদন্ত প্ৰক্ৰিয়া ৷ বৰ্তমানলৈ আটক কৰা হৈছে 24 জনকৈ লোকক ৷ আটক কৰা লোকসকল পূৰ্বেও বহু অপৰাধজনিত ঘটনাসমূহ বিশ্লেষণ কৰাৰ লগতে মোবাইল ট্ৰেকিঙৰ ব্যৱস্থাও আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াত এক গুৰুত্বপূৰ্ণ আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে ৷

ওম প্ৰকাশ আগৰৱালা হত্যাকাণ্ডৰ তদন্ত

আৰক্ষীয়ে জনোৱা অনুসৰি বাইকেৰে পিচ লৈ আহি হত্যা কৰা হোৱা নাছিল ওম প্ৰকাশ আগৰৱালাক ৷ পূৰ্বৰে পৰা খাপ পিতি ঘটনাস্থলীতে ওম প্ৰকাশলৈ অপেক্ষা কৰি আছিল ঘাটকৰ দলে ৷ তদন্তৰ গতি আগবাঢ়ি যোৱাৰ পাছতে এই কথা একপ্ৰকাৰ নিশ্চিত হৈছে ডিব্ৰুগড় আৰক্ষী ৷ এই হত্যাকাণ্ড সূত্ৰৰ ক্ষেত্ৰত কিছু অসুবিধা হোৱাৰ বাবেই সময়ৰ প্ৰয়োজন হোৱা বুলি কয় যদিও সফলতাৰ দিশে আগবঢ়া বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

Intro:বাইকেৰে পিচ লৈ আহি হত্যা কৰা হোৱা নাছিল ওম প্ৰকাশ আগৰৱালাক।পূৰ্বৰে পৰা খাপ পিতি ঘটনাস্থলীতে ওম প্ৰকাশলৈ অপেক্ষা কৰি আছিল ঘাটকে।ডিব্ৰুগড় চহৰৰ মাজ মজিয়াৰ
বুকু কঁপি উঠা এই হত্যাকাণ্ডৰ
তদন্তৰ গতি আগবাঢ়ি যোৱাৰ পাছতে এই তথ্যত একপ্ৰকাৰ নিশ্চিত হৈছে ডিব্ৰুগড় আৰক্ষী।
ইতিমধ্যে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক গৌতম বৰাৰ লগতে কেইবাজনো জেষ্ঠ আৰক্ষীৰ উৎপৰতাত চলি থকা
তদন্ত প্ৰক্ৰিয়া তীব্ৰ গতিত আগবাঢ়িছে ওম প্ৰকাশ আগৰৱালা হত্যাকাণ্ডৰ।ইফালে
বৰ্তমানলৈকে 24 জনক আটক ডিব্ৰুগড়ৰ আৰক্ষী।এই 24ৰ, সকলোৰে আছে ক্ৰিমিনেল বেকগ্ৰউণ্ড।লগতে মোবাইল ট্ৰেকিংৰ ব্যৱস্থাও সমান্তৰালকৈ ডিব্ৰুগড় আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ আহিলা হৈছে।
ডিব্ৰুগড় আৰক্ষীয়ে এই হত্যাকাণ্ড ক্লুলেচ হোৱাৰ বাবেই সময়ৰ প্ৰয়োজন হৈছে বুলি কৈছে যদিও আৰক্ষীয়ে সফলতাৰ গতিত আগবাঢ়িছে বুলি জনাইছে।

Byte: SP DIBRUGARH

উল্লেখ যে 19 নবেম্বৰৰ সন্ধিয়া
ডিব্ৰুগড় চহৰৰ মাজ মজিয়াৰ জাহাজৰাম পথত ওম প্ৰকাশৰ গৃহৰ 100 মিটাৰ নিলগতে নিৰ্মম ভাৱে চোকা অস্ত্ৰৰে আক্ৰমণ আৰু গুলীয়াই হত্যা কৰি পথতে পেলাই গৈছিল দুৰ্বিত্তই ওম প্ৰকাশ আগৰৱালাক।এটা আটা মিলৰ মুখ্য কৰ্মচাৰী ওম প্ৰকাশে ব্যৱসায়ৰ লক্ষ্যাধিক ধন প্ৰায়ে নিজৰ লগত লৈ ঘৰলৈ ওভতিছিল।সিদিনাও অনুৰূপ ভাৱে বেগত ধন লৈ আহোঁতে ডকাইতিৰ উদ্দেশ্যৰে সেই ঠাইত খাপ পিতি থকা দুৰ্বিত্তই ওম প্ৰকাশক হত্যা কৰি পলাই যায় বুলি আৰক্ষীয়ে বৰ্তমানলৈকে সন্দেহ প্ৰকাশ কৰিছে যদিও এই হত্যাকাণ্ডৰ আন কাৰণো থকাৰ সন্দেহ অব্যাহত বহুজনৰ মনত।Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.