ডিব্ৰুগড়, 21 ফেব্ৰুৱাৰী: ডিব্ৰুগড়ত অব্যাহত আছে নাহৰফুটুকীৰ আতংক ৷ কিছুদিন পূৰ্বে ডিব্ৰুগড় গেছ ক্ৰেকাৰ প্ৰকল্পত এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ হোৱাৰ পাচত দেওবাৰে পুনৰ বকপাৰাত আন এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ হয় ৷ দীৰ্ঘদিনৰ পৰা নাহৰফুটুকীটোৱে চাহ বাগিচা অঞ্চলত উপদ্ৰৱ সৃষ্টি কৰি অহাৰ বাবে বন বিভাগে পিঞ্জৰা পাতি ৰাখিছিল ৷
অৱশেষত আজি বাগানৰ মাজতে পাতি ৰখা এটা পিঞ্জৰাত আৱদ্ধ হয় নাহৰফুটুকীটো । উল্লেখযোগ্য যে, এই অঞ্চলতে কিছুদিন পূৰ্বে ছজু নামৰ এজন লোকক নাহৰফুটুকীয়ে আক্ৰমণ কৰি আঘাত কৰাৰ পাছত বৰ্তমানেও চিকিৎসাধীন হৈ আছে লোকজন ।