ETV Bharat / state

ডিব্ৰুগড়ৰ জিলালৈ স্বচ্ছতাৰ ভিত্তিত দেশৰ ভিতৰত শ্ৰেষ্ঠ সন্মান

author img

By

Published : Jan 11, 2020, 6:15 PM IST

180 বছৰ পুৰণি ডিব্ৰুগড় পৌৰসভাই সৰ্বকালৰ সকলো অভিলেখ ভংগ কৰি আঁজুৰিবলৈ সক্ষম হয় প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট খিতাপ । স্বচ্ছতাই সেৱা 2019ৰ অন্তৰ্গত এই বঁটা লাভ কৰিবলৈ সক্ষম হয় ডিব্ৰুগড় জিলাই ৷ ৰাজধানী দিল্লীত 12 জানুৱাৰীত উপায়ুক্তৰ হাতত বঁটাটি তুলি দিব বলীউডৰ জনপ্ৰিয় তাৰকা আমিৰ খানে ৷

ডিব্ৰুগড়
ডিব্ৰুগড়ে লাভ কৰে প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট খিতাপ

ডিব্ৰুগড়, 11 জানুৱাৰীঃ ভাৰত চৰকাৰৰ স্বচ্ছ ভাৰত আঁচনিৰ প্ৰভাৱ পৰিলক্ষিত হৈছে ডিব্ৰুগড়ত ৷ জিলাখনত আঁচনিখনৰ কৰ্মৰাজিৰ খতিয়ান ইতিমধ্যে তথ্য সহকাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰকাশ পাইছে ৷ শনিবাৰে স্বচ্ছ ভাৰত অভিযান(গ্ৰাম্য)ৰ অধীনত ডিব্ৰুগড় জিলাক স্বচ্ছতাৰ ভিত্তিত দেশৰ ভিতৰতে শ্ৰেষ্ঠ জিলা হিচাপে বিবেচিত কৰা হয় । স্বচ্ছতাই সেৱা 2019 ৰ অন্তৰ্গত "প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট" শাখাত ডিব্ৰুগড়ে লাভ কৰে এই সন্মান ৷

ডিব্ৰুগড়
ডিব্ৰুগড়ে লাভ কৰে প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট খিতাপ

180 বছৰ পুৰণি ডিব্ৰুগড় পৌৰসভাই সৰ্বকালৰ সকলো অভিলেখ ভংগ কৰি আঁজুৰিবলৈ সক্ষম হয় এই খিতাপ । উল্লেখ্য যে,বিজেপি নেতৃত্বাধীন পৌৰসভাখনৰ পূৰ্বতে পৌৰনেত্ৰী সোমা চক্ৰৱৰ্ত্তীৰ কাৰ্যকালত ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আজটকে এক সমীক্ষা চলাইছিল ৷ উক্ত সমীক্ষাত ডিব্ৰুগড় দেশৰ সবাতোকৈ কদৰ্য চহৰৰ তালিকাত আছিল ৷ ইয়াৰ পিছতে ডিব্ৰুগড় চহৰৰ বুকুত ৰৈ গৈছিল কদৰ্যৰ চেকা ৷

স্থানীয় বিধায়ক প্ৰশান্ত ফুকনৰ ঘনিষ্ঠ পৌৰনেত্ৰীগৰাকীৰ বিৰুদ্ধে খোদ বিজেপি কৰ্মীয়ে দাখিল কৰিছিল অভিযোগ ৷ ফলত অনাস্থা প্ৰস্তাৱৰ জৰিয়তে ভংগ হৈছিল পৌৰসভাখন । কিন্তু শনিবাৰে ঘোষিত উক্ত বঁটাৰ পিছত ডিব্ৰুগড় জিলা প্ৰশাসনে পুনৰ হেৰুওৱা গৰিমা ঘূৰাই আনিবলৈ সক্ষম হয় । নেতৃত্বৰ বলিষ্ঠতা,কৰ্মদক্ষতাৰ গুণগত পৰিচয়ৰে চৰকাৰৰ স্বচ্ছতাৰ আঁচনিক সফল কৰি লাভ কৰে বঁটাটি ৷

দিল্লীত বঁটা প্ৰদান

বছৰৰ আৰম্ভণিতে লাভ কৰা এই খবৰে উৎসাহিত কৰিছে ডিব্ৰুগড়বাসীক ৷ এইক্ষেত্ৰত জিলা উপায়ুক্ত পল্লৱ গোপালা ঝা-ৰ কৰ্মদক্ষতাক সকলোৱে একেমুখে শলাগ লয় ৷ ৰাজধানী দিল্লীত 12 জানুৱাৰীত উপায়ুক্ত গৰাকীৰ হাতত বঁটাটি তুলি দিব বলীউডৰ জনপ্ৰিয় তাৰকা আমিৰ খানে ৷

লগতে চাওকঃ প্লাষ্টিকৰ প্ৰয়োগ হ্ৰাস কৰিবলৈ 'বাচন বেংক' স্থাপন মধ্য প্ৰদেশৰ বেতুল গাঁৱত

Intro:চচ্ছতাৰ ক্ষেত্ৰত
সফলতা আৰু বিফলতাৰ দুখন বৃহৎ পাৰ্থক্যৰ ছবি ডিব্ৰুগড়ৰ।এইয়া
আমি কোৱা কথাওঁ নহয়।জিলা,ৰাজ্যৰ পৰ্যায়তো নহয়।এই সফলতা বিফলতাৰ ছবি
ৰাষ্ট্ৰীয় পৰ্য্যায়ত পাত পাতকৈ ওলাই পৰিছে,তথ্য সহকাৰে, স্বীকৃতও দিয়া হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানৰ যোগেদি।ডিব্ৰুগড় জিলাক দেশৰ ভিতৰত(স্বচ্ছ ভাৰত অভিযান,গ্ৰাম্য)শ্ৰেষ্ঠ জিলা হিচাপে বিবেচত কৰা হৈছে।
স্বচ্ছতাই সেৱা 2019 ৰ প্লাষ্টিক ৱেষ্ট মেনেজমেন্টৰ কেটেগৰীত ডিব্ৰুগড়ে লাভ কৰিছে দেশৰ ভিতৰতে শ্ৰেষ্ঠ জিলাৰ সন্মান।১২জানুৱাৰীত অন্যান্য সকলৰ লগতে বলীউডৰ জনপ্ৰিয় তাৰকা আমিৰ খানে প্ৰদান কৰিব এই সন্মান।

হয়,180 বছৰ পুৰণি ঐতিহাসিক ডিব্ৰুগড় চহৰৰ চাগে সৰ্বকালৰ সৰ্বব্যৰ্থ পৌৰসভাখনেই আছিল শেহতীয়া বিজেপি নেতৃত্বৰ পৌৰসভাখন।বিতৰ্কিত,দুৰ্নীতিৰ অভিযোগেৰে নিমজ্জিত পৌৰ নেত্ৰী সোমা চক্ৰবৰ্ত্তীৰ কাৰ্যকালতেই ডিব্ৰুগড় চহৰক দেশৰ আগশাৰীৰ বৈদ্যুতিন সংবাদ মাধ্যম আজ ত'কে সমীক্ষা চলাই দিছিল দেশৰ সবাতোকৈ কদৰ্য চহৰৰ আখ্যা।কোনো কালেই নোহোৱা
ঐতিহাসিক চহৰখনৰ বুকুত কদৰ্যৰ এটা চেকা লগাই দিছিল এই ঘটনাই,তাকো ৰাষ্ট্ৰীয় পৰ্যায়ত।
বহু জল্পনা কল্পনাৰ অন্ততো মন্ত্ৰীত্ব নোপোৱা বিধায়ক প্ৰশান্ত ফুকনৰ ঘনিষ্ঠ পৌৰ নেত্ৰী সোমা চক্ৰবৰ্ত্তীৰ বিৰুদ্ধে খুদ বিজেপি কৰ্মীৰ আছিল অতিষ্টতা।কৰ্ম দক্ষতাহীন, দুৰ্নীতিপৰায়ন নেত্ৰী গৰাকীৰ বিৰুদ্ধে অৱশেষত নিজ পৌৰসভাৰ বিজেপিৰ ৱাৰ্ড কমিচনাৰ সকলে অনাস্থা আনি ভংগ কৰিছিল পৌৰসভাখন।
কিন্তু যেন এই চেকা ঢাকিব পৰাকৈ
ডিব্ৰুগড় জিলা প্ৰশাসনে পুনৰ হেৰুৱা গৰিমা ঘূৰাই আনিবলৈ সক্ষম হৈছে। নেতৃত্বৰ বলিষ্ঠতা,কৰ্মদক্ষতাৰ গুণগত পৰিচয়ৰে চৰকাৰৰ স্বচ্ছতাৰ আঁচনিক সফল কৰি পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিছে ডিব্ৰুগড়
জিলাৰ নাম।

ডিব্ৰুগড় জিলাক দেশৰ ভিতৰত(স্বচ্ছ ভাৰত অভিযান,গ্ৰাম্য)শ্ৰেষ্ঠ জিলা হিচাপে বিবেচত কৰা হৈছে।
স্বচ্ছতাই সেৱা 2019 ৰ প্লাষ্টিক ৱেষ্ট মেনেজমেন্টৰ কেটেগৰীত ডিব্ৰুগড়ে লাভ কৰিছে শ্ৰেষ্ঠ জিলাৰ এই সন্মান ভাৰতৰ ভিতৰত।দেওবাৰে নতুন দিল্লীত বলীউডৰ তাৰকা আমিৰ খানৰ উপস্থিতিত প্ৰদান কৰিব এই সন্মান।

Byte:-ভাস্কৰ শৰ্মা।
কাৰ্যবাহী অভিযন্তা, জনস্বাস্থ্য কাৰিকৰী বিভাগ ডিব্ৰুগড়

নৱবৰ্ষৰ আৰম্ভণিতে এই সু খবৰে বিজেপি নেতৃত্বতৰ পৌৰ সভাই ডিব্ৰুগড়ত সানি যোৱা কালিমাক যেন কিছু পৰিমাণে ঢাকিবলৈ সক্ষম হ'ল।জিলা উপায়ুক্ত পল্লব গোপালা ঝাৰ সুদক্ষ নেতৃত্বক এই ক্ষেত্ৰত বহুজনে একেমুখে শলাগিছে।
12 জানুৱাৰীত ৰাজধানী দিল্লীত ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপালা ঝাৰ হাতত বলীউডৰ জনপ্ৰিয় তাৰকা আমিৰ খানৰ উপস্থিতিত ডিব্ৰুগড়লৈ এই সন্মান তুলি দিয়া হ'ব।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.