ETV Bharat / state

ডিব্ৰুগড়ত পুনৰ হাতীৰ মৃত্যু, এমাহত মৃত্যু 5 টা হাতীৰ

ডিব্ৰুগড়ৰ মেডেলা বনাঞ্চলৰ সমীপৰ কলাখোৱাত পুনৰ এজনী বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ । ডিব্ৰুগড়ত এমাহত বৰ্তমানলৈ 5 টা বনৰীয়া হাতীৰ মৃত্যু

author img

By

Published : Nov 25, 2019, 3:56 PM IST

Updated : Nov 25, 2019, 5:04 PM IST

ডিব্ৰুগড়ত পুনৰ হাতীৰ মৃত্যু

ডিব্ৰুগড়,25 নৱেম্বৰ :পুনৰ বন্যহস্তীৰ মৃত্যু ডিব্ৰুগড়ত । ডিব্ৰুগড়ত প্ৰায় এটা মাহত 5 টাকৈ বনৰীয়া হাতীৰ মৃত্যু । একেটা অঞ্চলতে ইটোৰ পাছত সিটো হাতীয়ে মৃত্যুক সাৱতিছে । সোমবাৰে ডিব্ৰুগড়ৰ মেডেলা বনাঞ্চলৰ সমীপৰ কলাখোৱাত পুনৰ এজনী বন্য হস্তীৰ মৃতদেহ উদ্ধাৰ । খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কলাখোৱা মিচিং পানী গাঁৱত এজনী ৬ বছৰীয়া বন্যহস্তীৰ মৃত্যু হৈছে । কিন্তু বৰ্তমানলৈ জানিব পৰা হোৱা নাই হাতীজনীৰ মৃত্যুৰ কাৰণ । পথাৰলৈ পকা ধান খাবলৈ ওলাই অহা হাতীজনীৰ দেওবাৰে নিশা মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে । হাতীজনীৰ মৃত্যু সম্পৰ্কে মৰণোত্তৰ পৰীক্ষাৰ পিছতহে জানিব পৰা যাব বুলি উল্লেখ কৰে বন বিভাগে ।

ডিব্ৰুগড়ত পুনৰ হাতীৰ মৃত্যু

উল্লেখ্য যে, কিছুদিন ধৰি লেজাই কলাখোৱা অঞ্চলত এজাক বনৰীয়া হাতীয়ে ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰি আহিছে । যাৰ বাবে প্ৰায়ে পথাৰত হাতীৰ মৃত্যু হৈ অহাৰ লগতে বিগত এটা মাহৰ ভিতৰতে 5 টা হাতীয়ে ৰহস্যজনক ভাৱে মৃত্যুক ঘটিছে ৷ ইয়াৰে অধিকাংশই বিদ্যুৎপৃষ্ট হৈ মৃত্যু মুখত পৰিছে । তেনে সময়তে পুনৰ এজনী হাতীৰ ৰহস্যজনক ভাৱে মৃত্যু হোৱাৰ পাচতো বন বিভাগে এইবাৰো মাত্ৰ আনুসাংগিক দায়িত্ব পালনতে নিজৰ দায়িত্ব সামৰে । ইয়াৰ পূৰ্বে ডিব্ৰুগড়ত 1 নবেম্বৰত দুজনী হাতীৰ কৰুণ মৃত্যু ঘটিছিল ।

লগতে পঢ়ক: মৰিয়নীত বন্য হস্তীৰ আক্ৰমণঃ আহত বন কৰ্মী

Intro:পুনৰ বন্য হস্তীৰ মৃত্যু ডিব্ৰুগড়ত।প্ৰায় এটা মাহত 5 টাকৈ হাতীৰ মৃত্যু।একেটা অঞ্চলতে ইটোৰ পাছত সিটো হাতীয়ে মৃত্যুক সাবতিছে।
ডিব্ৰুগড়ৰ মেডেলা বনাঞ্চলৰ সমিপৰ কলাখোৱাত পুনৰ এজনী বন্য হস্তীৰ ৰহস্যজনক মৃত্যু।

এইবাৰ খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কলাখোৱা মিচিং পানী গাঁ‌ৱত এজনী ৬ বছৰীয়া বন্যহস্তী মৃত্যু হৈছে ।মৃত হাতীজনীৰ কি কাৰণত মৃত্যু হ'ল এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই।

পথাৰলৈ পকা ধান খাবলৈ ওলাই অহা
হাতীজনীৰ নিশা মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে।বন বিভাগে জানিবলৈ দিয়া মতে কি কাৰণত হাতীজনী মৃত্যু হ'ল সেয়া মৰণোত্তৰ পৰীক্ষাৰ পিছতহে জানিব পৰা হ'ব। উল্লেখ্য যে কিছুদিন ধৰি লেজাই কলাখোৱা অঞ্চলত এজাক বনৰীয়া হাতীয়ে ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰি আহিছে।যাৰ বাবে প্ৰায়ে পথাৰত হাতীৰ মৃত্যু হৈ অহাৰ লগতে বিগত এটা মাহৰ ভিতৰতে 5 টা হাতীয়ে ৰহস্যজনক ভাৱে মৃত্যুক সাবতিছে।ইয়াৰে অধিকাংশ বিদ্যুতপৃষ্ট হৈ মৃত্যুক সাবতিছে।তেনে সময়তে পুনৰ এজনী হাতীয়ে ৰহস্যজনক ভাৱে মৃত্যুক সাবতিলে যদিও চূড়ান্তভাৱে বিফল হোৱা বিভাগে এইবাৰো হাত সাবতি বহি মাত্ৰ আনুসাংগিক দ্বায়িত্ব সামৰে।
ইয়াৰ পূৰ্বে 1 নবেম্বৰত দুজনী হাতীৰ কৰুণ মৃত্যুক সাবতি লৈছিল।

ইয়াৰ পাছতেই স্বাভাৱিকতেই ৰাইজৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া।বন বিভাগৰ ওপৰত অগ্নিশৰ্মা হৈ উজাৰিলে ক্ষোভ।

Byte:স্থানীয় ৰাইজBody:DoConclusion:Do
Last Updated : Nov 25, 2019, 5:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.