ডিব্ৰুগড়, 13 নৱেম্বৰ: ডিব্ৰুগড়ৰ এখন এশ বছৰ পুৰণি মাটি চাকিৰ বজাৰ। পূৰ্বৰ তুলনাত এইবাৰ দীপাৱলীত মাটি চাকিৰ চাহিদা বৃদ্ধিত উৎফুল্লিত কমাৰ সকল । বিগত বছৰ সমূহৰ তুলনাত এইবাৰ দীপাৱলীৰ সময়ত যথেষ্ট বৃদ্ধি পাইছে মাটি চাকিৰ চাহিদা। জকমকাই থকা ৰঙীন লাইটৰ বিপৰীতে এইবাৰ গুৰুত্ব পাইছে মাটি চাকিয়ে । ডিব্ৰুগড়তো এইবাৰ দীপাৱলীৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে এই মাটি চাকিয়ে।
ডিব্ৰুগড়ৰ এশ বছৰ পূৰণি এখন মাটিৰ চাকিৰ বজাৰ - দীপাৱলী
উৎসৱৰ এই সময়চোৱাত ডিব্ৰুগড়ত মাটি চাকিৰ চাহিদা পুৰণ কৰিবলৈ কমাৰ সকল এতিয়া দিনে-নিশাই ভীষণ ব্যস্ত। ব্ৰহ্মপুত্ৰৰ পাৰৰ এই চাকিৰ বজাৰখনত উপলব্ধ এটকাৰ পৰা আৰম্ভ কৰি ত্ৰিশ টকীয়া পর্যন্ত বিভিন্ন প্ৰকাৰৰ লগতে বিভিন্ন আকৃতিৰ মাটি চাকি। বিভিন্ন ধৰণৰ এই চাকিয়ে এতিয়া আকৰ্ষিত কৰিছে গ্ৰাহকক ।
ডিব্ৰুগড়ৰ এশ বছৰ পূৰণি এখন মাটিৰ চাকিৰ বজাৰ