ETV Bharat / state

ডিব্ৰুগড়ত পুনৰ এজন ক'ভিড ৰোগীৰ মৃত্যু - covid positive

ডিব্ৰুগড়ত বৃদ্ধি ক'ভিড আক্ৰান্ত ৰোগীৰ মৃত্যুৰ সংখ্যা ৷ জিলাখনৰ বকুল মাজগাঁৱত পুনৰ এগৰাকী ষাঠিৰ উৰ্ধৰ ক'ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু হয় ৷

ডিব্ৰুগড়ত পুনৰ এজন ক'ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু

author img

By

Published : May 8, 2021, 9:03 PM IST

ডিব্ৰুগড়,8মে' : ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ শুকুৰবাৰে ডিব্ৰুগড় জিলাৰ বকুল মাজ গাঁৱত ষাঠিৰ উৰ্ধৰ এজন ক'ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু হয় ৷ লোকজন গকুল দিহিংগীয়া বুলি জানিব পৰা গৈছে ৷ এদিন পূৰ্বে অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈছিল বৃদ্ধ এই লোকজনক ৷ নিজ গৃহ পৰিৱৰ্তে জিলা প্ৰশাসনৰ দ্বাৰা নিৰ্বাচিত শ্মাশানত শেষকৃত্য সম্পন্ন কৰা হ'ব ব্যক্তিজনক ৷

উল্লেখ্য যে, শুকুৰবাৰৰ দিনটোৰ সন্ধিয়া 5 বজালৈকে ডিব্ৰুগড় জিলাত ক'ভিড 19 ত আক্ৰান্ত হোৱা ব্যক্তিৰ সংখ্যা ৪,৮৯৩ গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে মৃত্যু হয় 39 গৰাকীৰ ৷ ইপিনে, শনিবাৰত দিনটোত নতুনকৈ পুনৰ ৩৬৪ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৫ গৰাকীৰ ৷

অন্য এক খবৰৰ বাবে: ধেমাজিত বৌৱেকৰ ছুৰীকাঘাতত প্ৰাণ হেৰুৱালে দেওৰেকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.