ETV Bharat / state

Rahul Gandhi Conviction Stayed : উচ্চতম ন্যায়ালয়ৰ ৰায়দানক লৈ ডিব্ৰুগড়ত কংগ্ৰেছৰ বিজয়োৎসৱ

ৰাহুল গান্ধীৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰাৰ পাছতেই দেশৰ কংগ্ৰেছ কৰ্মী সকলৰ মাজত আনন্দৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে ৷ ডিব্ৰুগড়ত কংগ্ৰেছ কৰ্মীসকলৰ মাজত উছাহ ৷

author img

By

Published : Aug 4, 2023, 8:37 PM IST

Dibrugarh Congress Workers Celebrate
কংগ্ৰেছ কৰ্মী সকলৰ মাজত আনন্দৰ জোৱাৰ
ডিব্ৰুগড় ৰাজীৱ ভৱনত কংগ্ৰেছৰ বিজয়উল্লাস

ডিব্ৰুগড়, 4 আগষ্ট : জল্পনা-কল্পনাৰ অন্তত ৰাহুল গান্ধীৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰাৰ পাছতেই দেশৰ কংগ্ৰেছ কৰ্মী সকলৰ মাজত আনন্দৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে ৷ শুকুৰবাৰে একপ্ৰকাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা খালে শাসকীয় দল বিজেপিয়ে ৷ নিম্ন আদালতৰ ৰায়ৰ ভিত্তিত ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰিছিল লোকসভাৰ অধ্যক্ষই ৷ শুকুৰবাৰে দেশৰ উচ্চতম ন্যায়ালয়ত গোচৰটো সন্দৰ্ভত হোৱা ৰায়দানত বৃহৎ সকাহ দিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ৷

ইয়াৰ পাছতে দেশৰ আন আন প্ৰান্তৰ লগতে ডিব্ৰুগড়ত দেখা গ'ল কংগ্ৰেছ কৰ্মীসকলৰ মাজত উছাহ ৷ উচ্চতম ন্যায়ালয়ত বিজেপিৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ বৃহৎ জয়ৰ পিছত বিজয়োৎসৱ পালন কৰিলে কংগ্ৰেছ কৰ্মীসকলে ৷ ডিব্ৰুগড়ৰ ৰাজীৱ ভৱনত কংগ্ৰেছ নেতা-কৰ্মীসকলে ইজনে-সিজনক মিঠাই খুৱাই পালন কৰা বিজয়োৎসৱত অভিনন্দন জনালে জিলা কংগ্ৰেছৰ সভাপতি দেবব্ৰত গগৈয়ে ৷ এই জয় কংগ্ৰেছৰে জয় নহয়, দেশৰ সাধাৰণ জনতাৰ জয় বুলি উল্লেখ কৰি এই ৰায়দানৰ পিছতে সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰতি জনতাৰ আস্থা বৃদ্ধি পালে বুলিও মন্তব্য কৰে কংগ্ৰেছৰ জিলা সভাপতিজনে ৷

আনহাতে কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক ৰাজকুমাৰ নীলনেত্ৰ নেওগে কয়, উচ্চতম ন্যায়ালয়ৰ এই ৰায়দান ভৱিষ্যত গণতন্ত্ৰৰ বাবে শুভলক্ষণ ৷ ন্যায়পালিকাৰ মেৰুদণ্ড এতিয়াও শক্তিশালী ৷ ন্যায়পালিকাৰ শক্তিশালী ভূমিকাই ভাৰতৰ গণতন্ত্ৰক অধিক শক্তিশালী কৰি তুলিব ৷ এই বিজয় কেৱল ৰাহুল গান্ধীৰে নহয়, ভাৰতবৰ্ষৰ 140 কোটি জনতাৰ বিজয় ৷ ন্যায়পালিকাৰ প্ৰতি থকা আস্থা আৰু অধিক দৃঢ় হৈছে বুলি কয় তেওঁ৷ ইফালে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক শিৱনাথ চেতিয়াই উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাই কয়, নিম্ন আদালতৰ ৰায়ৰ ভিত্তিত লোকসভাৰ অধ্যক্ষই ৰাহুল গান্ধীৰ সাংসদ পদ অসাংবিধানিকভাৱে খাৰিজ কৰিলে ৷ সত্যৰ সদায় জয় ৷ সূৰ্যৰ পোহৰক কেতিয়াও ঢাকি ৰাখিব নোৱাৰে ৷ তাৰেই প্ৰমাণ কৰি দেখুৱালে উচ্চতম ন্যায়ালয়ৰ ৰায়দানে ৷

উল্লেখযোগ্য যে, এক সভাত মোদী উপাধিৰ ওপৰত এক মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে ৷ ইয়াৰ পাছতে এগৰাকী বিজেপি নেতাই ৰাহুল গান্ধীৰ ওপৰত গোচৰ ৰুজু কৰিছিল ৷ পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল নেতাগৰাকীয়ে ৷ ইয়াৰ পাছতে গুজৰাট উচ্চ ন্যায়ালয়ে দিয়া ৰায়দানত স্থগিতাদেশ দিয়ে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ৷ এই ৰায়দানৰ পাছতে সাংসদ পদ ঘূৰাই পোৱাৰ সম্ভাৱনা আছে ৰাহুল গান্ধীয়ে ৷

লগতে পঢ়ক : Modi Surname case: উচ্চতম ন্যায়ালয়ৰ ৰায়ক লৈ গুৱাহাটীৰ ৰাজীৱ ভৱনত আনন্দৰ বন্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.