ETV Bharat / state

চলিত বৰ্ষতে ডিব্ৰুগড়ত মুকলি কৰা হ'ব কেঞ্চাৰ কেয়াৰ চিকিৎসালয়

author img

By

Published : Sep 18, 2021, 11:09 AM IST

ডিব্ৰুগড়ত চলিত বৰ্ষতে মুকলি কৰা হ'ব ১৮২ খন বিচনাযুক্ত কেঞ্চাৰ কেয়াৰ চিকিৎসালয় । শুকুৰবাৰে ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৌহদতে নিৰ্মাণ হৈ থকা কেঞ্চাৰ কেয়াৰ চিকিৎসালয়খনৰ কামৰ অগ্ৰগতিৰ বুজ লয় ।

Dibrugarh Cancer care Hospital will be inaugurated this year
চলিত বৰ্ষতে ডিব্ৰুগড়ত মুকলি কৰা হ'ব কেঞ্চাৰ কেয়াৰ চিকিৎসালয়

মৰাণ, ১৮ ছেপ্টেম্বৰ : উজনিৰ ৰাইজৰ বাবে সুখবৰ । অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত প্ৰায় সম্পূৰ্ণ হৈ উঠিছে কেঞ্চাৰ কেয়াৰ চিকিৎসালয় । ৰাজ্যত কৰ্কট ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে । সেয়ে কৰ্কট ৰোগীসকলৰ সুবিধাৰ্থে অসম চিকিৎসা মহাবিদ্যালয়ত কেইবা কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে কেঞ্চাৰ কেয়াৰ চিকিৎসালয়খন ।

শুকুৰবাৰে ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই নিৰ্মীয়মান অৱস্থাত থকা ১৮২ খন বিচনাযুক্ত কেঞ্চাৰ কেয়াৰ চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয় । সকলো ধৰণৰ ব্যৱস্থাৱলীৰ বুজ লোৱাৰ পাছতে উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে চলিত বৰ্ষৰ শেষৰফালে কৰ্কট ৰোগৰ চিকিৎসালয়খন উদ্বোধন কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে ।

উপায়ুক্তগৰাকীৰ এই পৰিদৰ্শনৰ সময়চোৱাত তেওঁৰ লগত ডিব্ৰুগড় জিলাৰ মহকুমাধিপতি মাচান্দা পাৰটিন আৰু চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্যৰ লগত জড়িত হৈ থকা টাটা ট্ৰাষ্ট তথা এল এণ্ড টি (L&T)ৰ বিষয়ববীয়াসকল উপস্থিত থাকে । মুঠৰ ওপৰত ডিব্ৰুগড় কেঞ্চাৰ কেয়াৰ চিকিৎসালয়খনৰ কাম সম্পূৰ্ণ হৈ উঠিলে উজনিৰ ৰাইজে যথেষ্ট সকাহ পাব ।

বৰ্তমান উজনিৰ কোনো লোক কৰ্কট ৰোগত আক্ৰান্ত হ'লে যিকোনো পৰীক্ষা অথবা থেৰাপীৰ বাবে গুৱাহাটী অথবা আন ঠাইলৈ যাবলগীয়া হয় । ফলত ৰোগীয়ে হাৰাশাস্তি ভোগাৰ লগতে যথেষ্ট ধনো ব্যয় হয় । সেয়ে ৰোগীসকলৰ সুবিধাৰ্থে কেঞ্চাৰ কেয়াৰ চিকিৎসালয়খন নিৰ্মাণ কৰা হৈছে ।

লগতে পঢ়ক: উপ নিৰ্বাচনৰ মিত্ৰতাৰ প্ৰসংগৰে চৰ্চাত বিৰোধী দল কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.