ETV Bharat / state

জনতাৰ পাকস্থলীলৈকে সোমাই আছে বিজেপি : প্ৰশান্ত ফুকন - ডিব্ৰুগড়ত বিজেপিৰ কৰ্মী সভা বাতৰি

মঙলবাৰে ডিব্ৰুগড়ৰ ইণ্ডিয়া ক্লাৱত জিলাখনৰ 7 টা সমষ্টিৰ বিজেপি কৰ্মকৰ্তাৰ এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ এই মত বিনিময় অনুষ্ঠানতে দলটোৰ ৰণকৌশল সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে ৷

As_Moran_dibrugarh-bjp-workers-meet_vis_As10031
বিজেপি মানুহৰ পাকস্থলীলৈ সোমাই আছে:বিধায়ক প্ৰশান্ত ফুকনে
author img

By

Published : Jan 6, 2021, 10:47 AM IST

মৰাণ,6 জানুৱাৰী : আগন্তুক বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ দুমাহ বাকী ৷ এই সময়ত নিৰ্বাচনী কুছকাৱাজত নামি পৰিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল ৷ সমষ্টিয়ে সমষ্টিয়ে প্ৰতিটো দলেই আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা ৷ ব্যতিক্ৰম নহয় শাসক দল বিজেপি ৷ দলীয় ৰণকৌশলৰ বুজ ল’বলৈ সঘনাই আহ যাহ আৰম্ভ হৈছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ ৷ সমান্তৰালকৈ ডিব্ৰুগড়ৰ ইণ্ডিয়া ক্লাৱত জিলাখনৰ 7 টা সমষ্টিৰ বিজেপিৰ কৰ্মকৰ্তাৰে মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে দলটোৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা ৰাজ্যিক প্রভাৰী বৈজয়ন্ত জয় পাণ্ডাই । এই মত বিনিময় অনুষ্ঠানতে সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে ৷

বিজেপি মানুহৰ পাকস্থলীলৈ সোমাই আছে:বিধায়ক প্ৰশান্ত ফুকনে

বিধায়ক গৰাকীয়ে সাংবাদিকৰ আগত কয়, আগন্তুক বিধানসভা নিৰ্বাচনত ভোটাৰৰ মন জয় কৰিব পৰাকৈ তথা দলটোৰ বাবে কাৰ্যকৰী হোৱাকৈ কৰ্মকৰ্তাসকলক কেইবাটাও ৰণকৌশল প্ৰধান কৰিছে বৈজয়ন্ত জয় পাণ্ডাই । ভাৰতীয় জনতা পাৰ্টী মানুহৰ পাকস্থলীত সোমাই আছে গতিকে কোনো আন্দোলনে ভাৰতীয় জনতা পাৰ্টীৰ সুঁতি সলনি কৰিব নোৱাৰে বুলি মন্তব্য কৰে বিধায়ক ফুকনে ৷ আনহাতে, আগন্তুক নিৰ্বাচনত ডিব্ৰুগড় সমষ্টিৰ পৰা দলৰ পৰা টিকট লাভ কৰিলে প্ৰায় 40,000 ভোটত জয়লাভ কৰিব বুলি দাবী কৰে প্ৰশান্ত ফুকনে ৷

উল্লেখ্য যে, কংগ্ৰেছৰ শাসনকালত প্ৰায়ে চৰকাৰৰ বিৰুদ্ধে সৰৱ হোৱা দেখিবলৈ পোৱা গৈছিল বিধায়ক প্ৰাশন্ত ফুকনক ৷ কংগ্ৰেছৰ সময়ত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ সময়ত চাইকেল চলাই, পিয়াঁজৰ মূল্যবৃদ্ধিৰ সময়ত পিয়াঁজৰ মালা পিন্ধি, ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ সময়ত গৰুগাড়ীত চিলিণ্ডাৰ আঁৰি নিজে গাড়োৱান নানা অভিনৱ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল বিধায়কগৰাকীয়ে ৷ কিন্তু বিজেপি চৰকাৰ শাসনত অধিস্থিত হোৱাৰ পিছতো বৃদ্ধি পোৱা সামগ্ৰীৰ মূল্যৰ উপৰিও চৰকাৰৰ অনান্য সিদ্ধান্ততো একবাৰে নীৰৱ ভূমিকা পালন কৰিছে বিধায়কগৰাকীয়ে ৷ তেনেস্থলত ৰাইজে তেখতক আগন্তুক নিৰ্বাচনত সমৰ্থন কৰিবনে সেইয়া লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক-ক’ত আছে বিশ্বজিৎ দৈমাৰীৰ পুত্ৰ অমিতৰাজ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.