ETV Bharat / state

ডিব্ৰুগড়ত কৃত্ৰিম বানৰ আশংকা,পানী নিষ্কাষনৰ বাবে থকা নলা মেটেকাৰে আবদ্ধ

author img

By

Published : May 27, 2020, 9:48 PM IST

ডিব্ৰুগড়ত পুনৰ কৃত্ৰিম বানে ভয়াবহ ৰূপ ধাৰণ কৰাৰ আশংকা ৰাইজৰ । চহৰৰ পৰা পানী নিষ্কাষনৰ বাবে থকা বৃহৎ নলা এইবাৰো আবদ্ধ হৈ থাকিল মেটেকা,আৱৰ্জনাৰে ।

Dibrugarh artificial flood
ডিব্ৰুগড়ত কৃত্ৰিম বানৰ আশংকা,পানী নিষ্কাষনৰ বাবে থকা নলা মেটেকাৰে আবদ্ধ

ডিব্ৰুগড়,27 মেঃ ডিব্ৰুগড়ত পুনৰ কৃত্ৰিম বানে ভয়াবহ ৰূপ ধাৰণ কৰাৰ আশংকা ৰাইজৰ । চহৰৰ পৰা পানী নিষ্কাষনৰ বাবে থকা বৃহৎ নলা এইবাৰো আবদ্ধ হৈ থাকিল মেটেকা,আৱৰ্জনাৰে । উল্লেখ্য যে, আবৰ্জনাৰে পুত গৈ থকাৰ বাবেই 22টা ৱাৰ্ডেৰে গঠিত ডিব্ৰুগড় চহৰ কৃত্ৰিম বানৰ তলত বুৰ যায় শ শ পৰিয়ালৰ বাসগৃহ । বৈজ্ঞানিক পদ্ধিতিৰে এই নলাসমূহ নিৰ্মান নকৰাৰ বাবেই প্ৰতিবছৰেই চহৰৰ পানী নিষ্কাষন কৰাত ব্যৰ্থ হৈছে নলাসমূহ ।

ডিব্ৰুগড়ত কৃত্ৰিম বানৰ আশংকা

কিন্তু এইবেলি এই বিপদক লৈ অধিক শংকিত হৈছে ডিব্ৰুগড়বাসী ৰাইজ । কাৰণ এইবাৰ ইয়াৰ ভয়াবহতা আৰু অধিক । কৰ'ণা মহামাৰীৰ বাবে হোম কোৱাৰেন্টাইনত ৰখা লোকসকলে কৃত্ৰিম বানপানীৰ কবলত পৰিলে কিমানখিনি সাৱধানতা অৱলম্বন কৰিব পাৰিব সেই ক্ষেত্ৰত সকলোৱে সন্দেহ প্ৰকাশ কৰিছে । যাৰ ফলত এক নিশ্চিত বিপদৰ দিশে খোজ দিছে ডিব্ৰুগড়বাসী ।

লগতে পঢ়ক-বানৰ কৱলত অসমৰ 2লাখ জনতা, এজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.