মৰাণ,18 জানুৱাৰী : ভূমিহীন লোকৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়কলৈ ভূমি আৱণ্টনৰ বাবে ৰাজ্য চৰকাৰে হাতত লোৱা প্ৰচেষ্টাৰ অংশস্বৰূপে দেওবাৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় মহকুমা পৰ্যায়ৰ ভূমি উপদেষ্টা সমিতিৰ এখন বিশেষ সভা ৷ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত ভূমি আৱণ্টনৰ 6458 টা প্ৰস্তাৱত অনুমোদন জনোৱা হয় ৷ ইয়াৰ ভিতৰত ভিতৰত ভূমিহীন লোকলৈ সাধাৰণ চৰকাৰী ভূমি আৱণ্টনৰ 5568 টা প্ৰস্তাৱ, চিলিঙ উদ্ধৃত ভূমি আবণ্টনৰ বাবে 354 টা প্ৰস্তাৱ,ক্ষুদ্ৰ চাহ খেতিয়কলৈ চৰকাৰী আৰু চিলিঙ উদ্ধৃত ভূমি আৱণ্টনৰ বাবে 532 টা আৰু বিভিন্ন চৰকাৰী অনুষ্ঠানৰ নামত ভূমি আৱণ্টনৰ 4 টা প্ৰস্তাৱ আছে ৷ এই সভাৰ জৰিয়তে 532 জন ক্ষুদ্ৰ চাহ খেতিয়কলৈ মুঠ 2774 বিঘা, 2 কঠা আৰু 11 লোচা ভূমি আৱণ্টন দিয়া হয় ৷
উল্লেখ্য যে, ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপাই উদ্দেশ্য ব্যাখ্যাৰে আৰম্ভ কৰা সভাত ভূমি আৱণ্টনৰ মুঠ 6538 টা প্ৰস্তাৱ অনুমোদনৰ বাবে উত্থাপন কৰা হৈছিল ৷ সভাত উপস্থিত থকা মহকুমা পৰ্যায়ৰ ভূমি উপদেষ্টা সমিতিৰ সদস্য ক্ৰমে লাহোৱাল,টিংখঙ আৰু মৰাণ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক ক্ৰমে ঋতুপৰ্ণ বৰুৱা, বিমল বৰা, চক্ৰধৰ গগৈ আৰু অন্যান্য বিধায়কসকলৰ প্ৰতিনিধি, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰী, জিলা পৰিষদৰ উপ সভানেত্ৰী পুষ্পাঞ্জলি সোণোৱাল আৰু অন্যান্যসকলে সকলো প্ৰস্তাৱ চালি জাৰি চাই 6458 টা প্ৰস্তাৱত অনুমোদন জনায় ৷ সভাত সাতটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল উপস্থিত থাকে ৷ সভাত উপায়ুক্ত ঝাই পুনৰবাৰ ৰাস্তাৰ কাষৰ সংৰক্ষিত ভূমি তথা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ভূমি বেদখলমুক্ত কৰাৰ দিশত চক্ৰ বিষয়াসকলক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে ৷
লগতে পঢ়কঃ ৰাজ্যৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল’লে মুখ্য নিৰ্বাচন আয়ুক্তই