ETV Bharat / state

ডিব্ৰুগড় চহৰ পৰিস্কাৰ ৰখা সন্দৰ্ভত প্ৰশাসনৰ আলোচনা

author img

By

Published : Jan 2, 2021, 7:52 AM IST

ডিব্ৰুগড় চহৰ পৰিস্কাৰ কৰি ৰখা সন্দৰ্ভত পৌৰসভাৰ কাৰ্যালয়ত ডিব্ৰুগড় জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ আলোচনা ৷ ঘৰে ঘৰে গৈ আৱৰ্জনা সংগ্ৰহ প্ৰক্ৰিয়াৰ পৰ্যালোচনাৰ বাবে অনুষ্ঠিত হয় এই আলোচনা সভা ৷ ডিব্ৰুগড় নগৰৰ 100 শতাংশ অঞ্চলক উক্ত ব্যৱস্থাৰ অধীনত সামৰি ল'বৰ পৌৰসভা আৰু আৰু বেচৰকাৰী সংস্থাৰ প্ৰতিনিধি সকলক আহ্বান জিলা উপায়ুক্তৰ ৷

dibrugarh administration met for discussion regarding keeping the dibrugarh city clean
ডিব্ৰুগড় চহৰ পৰিস্কাৰ ৰখা সন্দৰ্ভত প্ৰশাসনৰ আলোচনা

মৰাণ, 2 জানুৱাৰী: ডিব্ৰুগড় পৌৰসভাৰ আৰু কেবাটাও বেচৰকাৰী সংস্থাৰ উদ্যোগত ডিব্ৰুগড় নগৰত অব্যাহত থকা ঘৰে ঘৰে গৈ জাৱৰ সংগ্ৰহ কৰা প্ৰক্ৰিয়াৰ পৰ্যালোচনাৰ বাবে ডিব্ৰুগড় পৌৰসভাৰ কাৰ্যালয়ত শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয় ৷ ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত এই আলোচনা সভাত উপায়ুক্ত গৰাকীয়ে ডিব্ৰুগড় নগৰৰ 100 শতাংশ অঞ্চলকে এই ব্যৱস্থাৰ অধীনত সামৰি লোৱাৰ বাবে পৌৰসভা আৰু বেচৰকাৰী সংস্থাৰ প্ৰতিনিধি সকলক আহ্বান জনায় ৷

dibrugarh administration discussion at municipality office
ডিব্ৰুগড় নগৰৰ 100 শতাংশ অঞ্চলক আৱৰ্জনা সংগ্ৰহ প্ৰক্ৰিয়াৰ অধীনত সামৰি লোৱাৰ আহ্বান

ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰঞ্জিৎ কোঁৱৰ, ডিব্ৰুগড় পৌৰসভাৰ বিষয়ববীয়া আৰু বেচৰকাৰী সংস্থাৰ প্ৰতিনিধিবৰ্গৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপায়ুক্ত ঝাই আৱৰ্জনা সংগ্ৰহকাৰী দলক আৱৰ্জনা সমূহ প্ৰদান নকৰি য'তে ত'তে আৱৰ্জনা নিক্ষেপ কৰা ব্যক্তি সকলক জৰিমনা বিহাৰ বাবে ব্যৱস্থা ল'বলৈ পৌৰসভাক নিৰ্দেশ দিয়ে ৷

দেশৰ অন্যান্য ডাঙৰ চহৰ সমূহত আৱৰ্জনা সংগ্ৰহৰ ক্ষেত্ৰত লোৱা সফল পদ্ধতি সমূহ ডিব্ৰুগড় চহৰতো লোৱাৰ বাবে আহ্বান জনোৱাৰ লগতে উৎসতে শুকান আৰু ভিজা আৱৰ্জনা পৃথকীকৰণ কৰা পদ্ধতি সন্দৰ্ভত ৰাইজৰ মাজত অধিক সজাগতা বৃদ্ধি কৰাৰ বাবে ব্যৱস্থা হাতত ল'বলৈ আহ্বান জনায় ৷ জাৱৰ সংগ্ৰহ প্ৰক্ৰিয়াৰ লগতে ডিব্ৰুগড় পৌৰসভাৰ উদ্যোগত চলি থকা অন্যান্য উন্নয়নমূলক কাম কাজ সম্পৰ্কেও উক্ত সভাত আলোচনা অনুষ্ঠিত হয় ৷

লগতে পঢ়ক:৩ জানুৱাৰীত মুকলি হ'ব 'জুবিন সেঁতু'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.