ETV Bharat / state

Debabrat Saikia criticized BJP : প্ৰশান্ত ফুকনে যিটো দলক নেতৃত্ব দিয়ে সেই দলে নামানে দেশৰ সংবিধান: দেবব্ৰত শইকীয়া - প্ৰশান্ত ফুকনে যিটো দলক নেতৃত্ব দিয়ে সেই দলে নামানে দেশৰ সংবিধান

কংগ্ৰেছৰ ১০ জন বিধায়ক সঁচাকৈ বিজেপিলৈ যাব নেকি ? ডিব্ৰুগড়ত কৌশলী উত্তৰ কংগ্ৰেছ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ ৷

Devabrat Saikia criticized BJP
বিজেপিক কটু সমালোচনা বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ
author img

By

Published : Aug 11, 2022, 10:48 PM IST

মৰাণ, 11 আগষ্ট : ৰাজ্যত বিৰোধীক শূন্য কৰাৰ লক্ষ্যৰে দলীয় সাংগঠনিক কাম-কাজ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে । বিশেষকৈ বিজেপিৰ উত্থানত ৰাজ্যৰ এজনৰ পাচত আন এজন কংগ্ৰেছ দলৰ নেতাই বিজেপিত যোগদান কৰিছে । আন কোনোবাই মুকলিকৈ বিজেপিক সমৰ্থন দিছে ।

বিজেপিক কটু সমালোচনা বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ

কংগ্ৰেছ দলৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় নেতৃত্বই দলৰ ভিতৰ চ’ৰাত সৃষ্টি হোৱা খহনীয়া প্ৰতিৰোধ কৰিবলৈ আপ্ৰাণ যুঁজ দিছে যদিও বিফল হোৱা পৰিলক্ষিত হৈছে । শেহতীয়াকৈ পুনৰ কেইবাজনো কংগ্ৰেছ বিধায়কে বিজেপিত যোগদান কৰিব বুলি খবৰ ওলাইছে । ডিব্ৰুগড়ৰ বিজেপি বিধায়ক প্ৰশান্ত ফুকনে এক প্ৰকাৰ ঘোষণা কৰিছে 10 জন কংগ্ৰেছৰ বিধায়কে বিজেপিলৈ আহিব ।

ইয়াৰ পাচতে ৰাজ্যৰ ৰাজনীতিত কিছু প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল ।

বৃহস্পতিবাৰে ডিব্ৰুগড়ত উপস্থিত হোৱা কংগ্ৰেছৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াক সাংবাদিকে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে কংগ্ৰেছৰ 10 জন বিধায়ক বিজেপিলৈ যাব বুলি কোৱা বিষয়টো জানিব বিচৰাত এক প্ৰকাৰে কৌশলী উত্তৰ দি বিষয়টোৰ পৰা আঁতৰি থাকিল তেওঁ (Devabrat Saikia criticized BJP)।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিৰোধী দলপতি গৰাকীয়ে কয় যে, প্ৰশান্ত ফুকনে যিটো দলক নেতৃত্ব দিয়ে সেই দলে দেশৰ সংবিধান নামানে । বিজেপি দলে দেশত বিৰোধী থকাটো নিবিচাৰে । বিজেপিয়ে দেশত স্বৈৰাচাৰি কৰি ব্ৰিটিছ শাসন চলাব বিচাৰিছে বুলি তীব্ৰ সমালোচনা কৰে বিৰোধী দলপতিগৰাকীয়ে ।

উল্লেখ্য যে, 75 তম স্বাধীনতা দিৱসৰ (75th Independence Day) প্ৰাকমূহূৰ্তত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে 9 আগষ্টৰ পৰা 14 আগষ্টলৈ ভাৰতবৰ্ষৰ স্বাধীনতাৰ 75 সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে “স্বাধীনতাৰ গৌৰৱময় যাত্ৰা” শীর্ষক সমগ্ৰ ডিব্ৰুগড় জিলাজুৰি এক বৃহৎ কাৰ্যসূচী আয়োজন কৰে ।

এই উপলক্ষে ডিব্ৰুগড় বিধানসভা সমষ্টিতো এক “পদ যাত্ৰা” কাৰ্যসূচী ৰূপায়ন কৰে । কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াৰ লগতে দলৰ কৰ্মকৰ্তাসকল উপস্থিত হৈ এক দীঘলীয়া পদযাত্ৰাত অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : Azadi ka Amrit Mahotsav: স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে বিহালীত জনতা যুৱ মৰ্চাৰ বাইক ৰেলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.