ETV Bharat / state

বিমানবন্দৰত উপস্থিত ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝা - visited Mohanbari Airport

ডিব্ৰুগড় উপায়ুক্তই মোহনবাৰী বিমানবন্দৰত উপস্থিত হৈ যাত্ৰীৰ ক'ভিড পৰীক্ষাৰ লগতে অন্যান্য ক’ভিড সম্বন্ধীয় দিশসমূহ পৰ্যবেক্ষণ কৰে ৷ উপায়ুক্ত গৰাকীয়ে বিমানবন্দৰত উপস্থিত টেক্সি চালকসকলক পৰামৰ্শ দিয়ে যাতে তেওঁলোকে যাত্ৰী কঢ়িয়াই নিয়াৰ সময়ত ক’ভিড সম্বন্ধীয় দিশসমূহ কঠোৰভাৱে পালন কৰে ।

বিমানবন্দৰত উপস্থিত ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝা

author img

By

Published : Apr 21, 2021, 3:18 PM IST

মৰাণ,21 এপ্ৰিল : সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়তো ভয়ানকভাৱে বৃদ্ধি পাইছে ক'ভিড ৰোগীৰ সংখ্যা । সেয়েহে ক’ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে কেতবোৰ নীতি-নিয়ম জাৰি কৰিছে ৷ এই নিয়ম অনুসৰি ডিব্ৰুগড় জিলা প্ৰশাসনে ৰে’ল ষ্টেচন আৰু বিমানবন্দৰত ইতিমধ্যে ক'ভিড প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । বুধবাৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰত উপস্থিত হৈ ক’ভিড সম্বন্ধীয় দিশসমূহ সূচাৰুৰূপে পালন হৈছে নে নাই পৰ্যবেক্ষণ কৰে ৷

বিমানবন্দৰত উপস্থিত ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝা
বিমানবন্দৰত উপস্থিত ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝা

উল্লেখ্য যে, উপায়ুক্ত গৰাকীয়ে বিমানবন্দৰত উপস্থিত স্বাস্থ্য কৰ্মী, আৰক্ষী বিভাগৰ লোকসকলৰ সৈতে মত বিনিময় কৰে ৷ তেওঁ নিৰ্দেশ দিয়ে যাতে যাত্ৰীসকলৰ স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে জাৰি কৰা নীতি-নিয়ম অনুসৰি ক'ভিড পৰীক্ষা সম্পাদন কৰে ৷ ইয়াৰ উপৰিও উপায়ুক্ত গৰাকীয়ে বিমানবন্দৰত উপস্থিত টেক্সি চালকসকলক পৰামৰ্শ দিয়ে যাতে তেওঁলোকে যাত্ৰী কঢ়িয়াই নিয়াৰ সময়ত ক’ভিড সম্বন্ধীয় দিশসমূহ কঠোৰভাৱে পালন কৰে । উপায়ুক্ত গৰাকীৰ সৈতে অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কোঁৱৰ উপস্থিত থাকে ।

লগতে পঢ়ক : মৰাণহাট ৰেল ষ্টেচনত ক'ভিড প্ৰতিৰোধৰ বাবে নাই কোনো তৎপৰতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.